অসম

বিদ্যালয়ৰ শিক্ষকৰ নজিৰ বিহীন কাণ্ড, নৈৰ পানীত পেলাই দিলে বস্তাই-বস্তাই মধ্যাহ্ন ভোজনৰ চাউল…

বিদ্যালয়ৰ শিক্ষকৰ নজিৰ বিহীন কাণ্ড।

ক’ণ-ক’ণ ছাত্ৰ-ছাত্ৰীক নিবিলাই নৈৰ পানীত পেলাই দিলে বস্তাই-বস্তাই মধ্যাহ্ন ভোজনৰ চৰকাৰী চাউল।

ক’ণ-ক’ণ শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ চাউল হ’লগৈ মাছ-কাছৰ আহাৰ ,শিক্ষকে নিবিলাই বস্তাই-বস্তাই পেলাইছে নৈৰ বুকুত।

নগৰবেৰাৰ ১৩০১ নং বদলা পথাৰ প্ৰাথমিক বিদ্যালয়ত শনিবাৰে পোহৰলৈ আহিছে এই অদ্ভুত কাণ্ড।

কভিড দুৰ্যোগৰ বাবে সম্প্ৰতি বন্ধ হৈ আছে প্ৰাথমিক বিদ্যালয় সমূহ ,ছাত্ৰ-ছাত্ৰীক ঘৰে-ঘৰে বিলাব লাগে চাউল বোৰ। পিছে তাকে নকৰি শিক্ষকে মাহে-মাহে জমা কৰি গৈছে দ’মে-দ’মে মধ্যাহ্ন ভোজনৰ চাউল ,ফলত শিক্ষানুষ্ঠানত পচি নষ্ট হ’ব ধৰিছে চাউলবোৰ।

সেয়ে দূৰদৰ্শী শিক্ষাগুৰুৱে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পচা চাউল নিবিলাই এইদৰে পেলাই দিছে কাষেৰে ব’ই যোৱা কলহী নৈৰ পানীত।

প্ৰধান শিক্ষকৰ ইংগিততে কৰা হৈছে হেনো এনে বিয়াগোম অপচয়, পূৰ্বেও হেনো সংঘটিত হৈছিল অনুৰূপ ঘটনা, এই কাণ্ডত জড়িত শিক্ষকৰ শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে।

প্ৰশ্ন হয়-যদি বিলোৱা নহয় ,তেন্তে কিহৰ বাবে এইদৰে পানীত দলিয়াবলৈ সংগ্ৰহ কৰে চৰকাৰী চাউল ,আগলৈ ৰোধ হ’বনে শিক্ষা বিভাগৰ এনে লখিমী অপচয় কাণ্ড ?

Leave a Reply

Your email address will not be published. Required fields are marked *