বিতৰ্কৰ অৱসান! গো-সুৰক্ষা আইন ভংগ নকৰাকৈ কুৰবানিৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

কুৰবানিক লৈ গুৰুত্বপূৰ্ণ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

বহু বিতৰ্কৰ অন্তত অৱশেষত কুৰবানিৰ অনুমতি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

এইবাৰৰ ঈদত গৰু কুৰবানি দিব পাৰিব নে নাই তাক লৈ মুছলমান লোকসকলৰ মাজত অব্যাহত থকা উৎকণ্ঠাৰ অৱসান ঘটাই গুৱাহাটী উচ্চ ন্যায়ালয়ে অৱশেষত অনুমতি প্ৰদান কৰে।

গো সুৰক্ষা আইন ভংগ নকৰাকৈ কুৰবানিৰ অনুমতি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ পিছত আদালতে এই ৰায় প্ৰদান কৰে।

অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে সংবাদমেলযোগে এই কথা জানিব দিয়ে।

অধিবক্তা চৌধুৰীয়ে কয়, ‘চৰকাৰে জাৰি কৰা এছ অ’ পিৰ পিছত মুছলমান ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। সেয়ে আমি আদালতত ইয়াৰ স্পষ্টীকৰণ বিচাৰিছিলো। অৱশেষত আদালতে কৈছে যে, কুৰবানি দিয়াত বাধা নাই।’