আৰক্ষীৰ বৃহৎ সফলতা! অভিযানত জব্দ ৭ কোটি টকা মূল্যৰ ড্ৰাগছ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে কামৰূপ আৰক্ষীয়ে।

কামৰূপ আৰক্ষীৰ অভিযানত চাংসাৰিৰ সমীপৱৰ্তী বোৰ্কা কমলপুৰ পথত জব্দ প্ৰায় ৭ কোটি টকা মূল্যৰ ড্ৰাগছ।

image 86
আৰক্ষীৰ বৃহৎ সফলতা! অভিযানত জব্দ ৭ কোটি টকা মূল্যৰ ড্ৰাগছ... 3

এই নিচাজাতীয় ড্ৰাগছ আদি সামগ্ৰী সমূহ আনিছিল এখন ডিআই বাহনত।

AS01PC 1623 নাম্বাৰৰ ডি আই বাহনখনৰ পৰা জব্দ কৰা হয় এই ড্ৰাগছখিনি।

অৱশ্যে গাড়ীখনৰ সহিতে ড্ৰাগছ খিনি আৰক্ষীয়ে জব্দ কৰে যদিও চালকজন পলায় যাবলৈ সক্ষম হয়।

image 87
আৰক্ষীৰ বৃহৎ সফলতা! অভিযানত জব্দ ৭ কোটি টকা মূল্যৰ ড্ৰাগছ... 4

কামৰূপৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয়, অতিৰিক্ত আৰক্ষী অধিক্ষক আচিফ আহমেদৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান।

উল্লেখ্য যে, এই অভিযানত কমলপুৰ আৰক্ষী আৰু চাংসাৰি আৰক্ষীয়ে পূৰ্ণ সহযোগীতা আগবঢ়াই।