ড্ৰাগছ তথা নিচাজাতীয় সমগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।
বিজয়া দশমীৰ দিনাই ৰঙিয়াত আৰক্ষীৰ জালত পিষ্টলসহ ড্ৰাগছ সৰবৰাহকাৰী।
এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে হাতে–লোটে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী জনক।
ৰঙিয়াৰ স্বস্তি হাস্পতালৰ সন্মুখত আৰক্ষীয়ে কৰায়ত্ত কৰে বাক্সা জিলাৰ কাউৰবাহাৰ জিয়াউল হকক।
এখন বাইকৰ টুল বক্সত লুকুৱাই আনিছিল সামগ্ৰীখিনি।
আৰক্ষীয়ে জিয়াউল হকৰ পৰা এটা 7.65 MM পিষ্টল, ড্ৰাগছভৰ্তি ৬টা কণ্টেইনাৰ আৰু দুটা খালী কণ্টেইনাৰ সহ ৮.৬৬ গ্ৰাম ড্ৰাগছ, ৮জাই সজীৱ গুলী আৰু দুটা মোবাইল ফোন জব্দ কৰে।
আৰক্ষীয়ে লগতে AS 01 Q1 328 নম্বৰৰ বাইকখনো জব্দ কৰে।









