অসমীয়াঅসম

বিজেপিত মোৰ ভৱিষ্যত সুৰক্ষিত নহয়! দলৰ বিৰুদ্ধে মহাবিস্ফোৰণ ঘটাই পদত্যাগ মেয়ৰ পদ প্ৰত্যাশী শশাংকজ্যোতি ডেকাৰ

নিউজ ডেস্ক। ‘বিজেপিত সুৰক্ষিত নহয় মোৰ ভৱিষ্যত।’ -এই অভিযোগেৰে বিজেপি ত্যাগ কৰা কাউন্সিলাৰ শশাংকজ্যোতি ডেকাই ঘটাইছে বহু বিস্ফোৰণ।

পৌৰ নিগমত বিজেপি নেতৃত্বই পুনৰ এবাৰ মৃগেন শৰনীয়াক মেয়ৰ হিচাপে নিৰ্বাচিত কৰাৰ পিছতে দলৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে শশাংকজ্যোতি ডেকা। পৌৰ নিগমৰ নিৰ্বাচনত দুবাৰকৈ জয় লাভ কৰা বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে দলত এতিয়া পাবলগীয়া মৰ্যাদা লাভ নকৰাৰ অভিযোগ কৰি পদত্যাগ কৰিছে।

43727032 749169965431512 3764445732937924608 n

তাৰ পিছতে এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিজেপিৰ সদ্যপদত্যাগী নেতাগৰাকীয়ে অভিযোগ কৰে যে বিজেপি নেতৃত্বই সকলোকে সমানে মৰম নকৰে। সুদীৰ্ঘ ২৭ বছৰ বিজেপিৰ হৈ কাম কৰাৰ পিছতো দলৰ পৰা পাবলগীয়া মৰ্যাদাখিনি নোপোৱা বুলি অসন্তুষ্টি ব্যক্ত কৰে শশাংকজ্যোতি ডেকাই।

সদ্যপদত্যাগী বিজেপি নেতাগৰাকীয়ে কয়, ”মই যিটো বিচাৰিছো, সেইটো দলে মোক দিব পৰা নাই… গতিকে মই নিজৰ পন্থা এটা নিজে ল’ব লাগিব। মোৰ উজ্বল ভৱিষ্যত য’ত আছে, সেয়া চিন্তা কৰি মই এটা সঠিক সিদ্ধান্ত ল’ম।’’

278832206 2260562814101908 2881626546980777913 n

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত দুবাৰকৈ জয়লাভ কৰিছে শশাংকজ্যোতি ডেকাই। শেহতীয়াকৈ সম্পন্ন হোৱা নিৰ্বাচনত তেওঁ ৩৮নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিশাল জয়লাভ কৰিবলৈ সক্ষম হয়।

শশাংকজ্যোতি ডেকা এইবাৰ মেয়ৰ হিচাপে নিযুক্ত হ’ব বুলি যথেষ্ট আশাবাদী হৈ আছিল যদিও শেষ মুহূৰ্তত দলীয় নেতৃত্বই পুনৰ এবাৰ মৃগেন শৰণীয়াক মেয়ৰ হিচাপে বাচনি কৰাৰ পিছতে দলৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে শশাংকজ্যোতি ডেকা।

বিজেপিৰ পৰা ইতিমধ্যে পদত্যাগ কৰা নেতাজনে পৰৱৰ্তী সময়ত কোন দলত যোগ দিব সেয়া স্পষ্ট কৰা নাই যদিও নেতাগৰাকী আম আদমী পাৰ্টীত যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে অনেকে।

লগতে চাওকঃ

শােকাৱহ! শ্ৰেণী কােঠাত ঢলি পৰি ছাত্ৰ- সুদক্ষ ভলীবল খেলুৱৈৰ অকাল মৃত্যু

G2 2

Leave a Reply

Your email address will not be published. Required fields are marked *