বাৰিষাৰ ভৰা নৈত জঁপিয়াই প্ৰাণৰক্ষা কৰিছিল মাতৃ-কন্যাৰ! শোণিতপুৰৰ ১০ বছৰীয়া উত্তমক ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে নিৰ্বাচিত…

নিউজ ডেস্কঃ নৈৰ কোবাল সোঁতত উটি যোৱা মাতৃ আৰু ২ সন্তানৰ জীৱন ৰক্ষা কৰিবলৈ বাৰিষাৰ ভৰা নৈত জঁপিয়াই পৰা শোণিতপুৰৰ ১০ বছৰীয়া উত্তম তাঁতীক বাছনি কৰা হৈছে ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে।

শোণিতপুৰৰ মিছামাৰী অঞ্চলৰ ২নং ধনখনা গাঁৱৰ নিৱাসী নৃপেন তাঁতী আৰু পাৰ্ৱতী তাঁতীৰ পুত্ৰ উত্তম তাঁতী ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে আনন্দৰ জোৱাৰ তুলিছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা বাছনি কমিটীৰ অধ্যক্ষ গীতা সিদ্ধার্থ স্বাক্ষৰিত ইণ্ডিয়ান কাউঞ্চিল ফৰ চাইল্ড ৱেলফেয়াৰৰ পত্ৰ লাভ কৰাৰ পাছতে অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত শিক্ষক জিতেন্দ্ৰ শ্বাহৰ সৈতে দিল্লীলৈ যাত্ৰা কৰিছে উত্তমে।

উল্লেখ্য যে, ২০১৯ৰ ৭ জুলাইত উত্তম তাঁতী নামৰ ১০ বছৰীয়া শিশুটিয়ে সংঘটিত কৰিছিল সেই দুঃসাসহিক কাৰ্যষ

২নং ধনখনা গাঁৱৰ মাজেৰে বৈ যোৱা দীঘলজুলিৰ বাৰিষাৰ ভৰা নৈত বুধু তাঁতীৰ পত্নী অঞ্জলি তাঁতীয়ে দুই সন্তান ক্রমে- দিয়া তাঁতী আৰু দীপিকা তাঁতীক লগত লৈ নৈ পাৰ হ’বলৈ লওঁতেই পানীৰ সোঁতত উটি গৈছিল তিনিওজন।

সেই মুহুৰ্ততে নদীৰ পাৰত হাত-ভৰি ধুবলৈ যোৱা ১০ বছৰীয়া উত্তম তাঁতীয়ে মাতৃ আৰু দুই কন্যাক নৈৰ সোঁতত উটি যোৱা দেখি জীৱনক তুচ্ছ কৰি নৈৰ বুকুত জঁপিয়াই পৰে।

দুঃসাহসী উত্তম তাঁতীয়ে তিনিবছৰীয়া কন্যা দিয়া তাঁতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মহিলাগৰাকীৰ কোলাত থকা ডেৰবছৰীয়া দীপিকা তাঁতীক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

উল্লেখ্য যে, দুই মাতৃ-কন্যাক ভৰা নৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা স্থানীয় বালিসুঁতি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰ উত্তম তাঁতীক সেই সময়ত ঢেকীয়াজুলি সমষ্টিৰ তদানীন্তন বিধায়ক আৰু বৰ্তমানৰো বিধায়কৰ উপৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী অশোক সিংহল, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইফালে, সেই বছৰৰে স্বাধীনতা দিৱসত শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা দুঃসাহসী উত্তম তাঁতীক তেজপুৰ চাৰ্চ ফিল্ডত প্ৰশংসা পত্ৰ, এখন চাইকেল আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বৰ্তমান অষ্টম শ্ৰেণীত অধ্যয়নৰত উত্তম তাঁতীক ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদানৰ বাবে বিভিন্ন জনে দাবী উত্থাপন কৰাৰ পিছত শেহতীয়াকৈ এই বঁটাৰ বাবে কিশোৰজনক বাছনি কৰাত এতিয়া উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।

জানিব পৰা মতে, অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উত্তম তাঁতীক সাহসিকতাৰ বঁটা প্ৰদান কৰিব।