ৰাষ্ট্ৰীয়

বালাকোট এয়াৰ ষ্ট্ৰাইকৰ হিৰ’ অভিনন্দন বৰ্ধমানলৈ ‘বীৰচক্ৰ সন্মান’…

বালাকোট এয়াৰ ষ্ট্ৰাইকৰ হিৰ’ অভিনন্দন বৰ্ধমানলৈ ‘বীৰচক্ৰ সন্মান’।

গ্ৰুপ কেপ্টেইন অভিনন্দনে ২০১৯ চনৰ ফেব্ৰুৱাৰিত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত এয়াৰ ষ্ট্ৰাইকত লোৱা সাহসী ভূমিকাৰ বাবে এই সন্মান আগবঢ়োৱা হয়।

সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই সন্মান প্ৰদান কৰে। 

বৰ্ধমানক শেহতীয়াকৈ গ্ৰুপ কেপ্টেইন পদলৈ পদোন্নতি দিয়া হৈছিল।

বৰ্ধমানে মিগ বিমানেৰে পাকিস্তানৰ এখন এফ-১৬ যুঁজাৰু বিমান ভূপতিত কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত অভিনন্দন বৰ্ধমানৰ বিমানো দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু অভিনন্দন বৰ্ধমান পাকিস্তানী সেনাৰ হাতত বন্দী হ’বলগীয়া হৈছিল। 

বিষয়টোত আন্তৰ্জাতিক হস্তক্ষেপৰ লগতে ভাৰতৰ পক্ষই প্ৰয়োগ কৰা ব্যাপক চাপৰ বাবে অৱশেষত পাকিস্তান সেনাই তেওঁক মুক্তি দিবলৈ বাধ্য হৈছিল।

উল্লেখ্য যে, বৰ্তমান ভাৰতীয় বায়ু সেনা বাহিনীৰ পাইলট গৰাকী উত্তৰ-পূবত কৰ্তব্যৰত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *