বায়ুসেনাৰ চিনুক হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ বিদ্যালয়ৰ খেলপথাৰত…

নিউজ ডেস্ক। বিহাৰৰ বাক্সাৰত বায়ুসেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ।

বুধবাৰে বায়ুসেনাৰ উৰন্ত হেলিকপ্টাৰত হঠাতে কাৰিকৰী সমস্যাৰ সৃষ্টি হয়। যাৰ বাবে হেলিকপ্টাৰখন লগে লগেই জৰুৰী অৱতৰণ কৰিব লগা হয়।

হেলিকপ্টাৰখন তাৎক্ষণিকভাৱে মানিকপুৰ গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অৱতৰণ কৰা হৈছিল।

প্ৰাপ্ত তথ্য অনুসৰি, হেলিকপ্টাৰখনৰ ফেনত কিছু কাৰিকৰী বিজুতি হৈছিল। যাৰ বাবে হেলিকপ্টাৰখন বাক্সাৰত অৱতৰণ কৰা হৈছিল। হেলিকপ্টাৰ অৱতৰণৰ সময়ত বায়ুসেনাৰ জোৱানসকল হেলিকপ্টাৰৰ ভিতৰত আছিল।

অৱশ্যে ঘটনাটোত কোনো লোকৰ প্ৰাণহানি বা আঘাতপ্ৰাপ্ত নহয়।সকলো বিষয়া সুৰক্ষিত বুলি জানিব পৰা যায়। অৱতৰণৰ সময়ত প্ৰায় ২০ জন বায়ুসেনাৰ কৰ্মী আছিল হেলিকপ্টাৰ খনত। হেলিকপ্টাৰত দুজন কাৰিকৰী কৰ্মী আৰু এজন বিষয়া উপস্থিত আছিল।

লগতে হাৱলদাৰ, চিপাহী আৰু উপ পৰিদৰ্শক পদবীৰ কৰ্মচাৰীসকল উপস্থিত আছিল।

খবৰ অনুসৰি হেলিকপ্টাৰখন এলাহাবাদৰ পৰা বিহতালৈ উৰা মাৰিছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে বাক্সাৰ মানিকপুৰ গাঁৱৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰখন অৱতৰণ কৰা হৈছিল। বৰষুণৰ বাবে খেলপথাৰখন পানীৰে ভৰি আছিল। ইয়াৰ ফলত হেলিকপ্টাৰৰ চকা মাটিৰ তললৈ সোমাই পৰিছিল। বৰ্তমান হেলিকপ্টাৰৰ কাৰিকৰী সমস্যা সংশোধনৰ বাবে প্ৰচেষ্টা কৰি থকা হৈছে।

উল্লেখ্য যে ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পিছতেই স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

হেলিকপ্টাৰখন অৱতৰণ কৰাৰ লগে লগে ওচৰৰ অঞ্চলৰ গাওঁবাসীয়ে ঘটনাস্থলীত ভিৰ কৰিছিল। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল।

লগতে আৰক্ষীয়ে বিষয়াসকলক বিদ্যালয়ত থকাৰ সুবিধা কৰি দিয়ে। বৰ্তমান আৰক্ষীয়ে হেলিকপ্টাৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি আছে আৰু জৰুৰী অৱতৰণৰ কাৰণ জানিবলৈ চেষ্টা কৰি আছে।

Leave a Comment