‘অগ্নিবীৰ’ক অসম আৰক্ষীত পােনপটীয়া নিযুক্তি দিয়া হ’বঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিবীৰ’ আঁচনিয়ে জ্বলাইছে দেশৰ বিভিন্ন ৰাজ্য।

প্ৰতিবাদকাৰীসকলে জ্বলাই দিছে ৰে’ল, ক্ষতিসাধন কৰিছে ৰাজহুৱা সা-সম্পত্তিৰ।

অসমতাে আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰৰ এই ‘৪ বছৰীয়া’ নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ।

G6 7
'অগ্নিবীৰ'ক অসম আৰক্ষীত পােনপটীয়া নিযুক্তি দিয়া হ’বঃ মুখ্যমন্ত্ৰী 2

ইয়াৰ মাজতে অসমৰ পৰা ‘অগ্নিবীৰ’ৰ মৰ্যাদা লাভ কৰিবলগীয়া চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অগ্নিবীৰসকলে পাব অসম আৰক্ষীত পোনপটীয়া নিযুক্তিৰ সুবিধা।

৪ বছৰৰ সেনাৰ চাকৰি পিছত উভতি আহিলে নিযুক্তি দিয়া হ’ব অসম আৰক্ষীত। অসম আৰক্ষীত তেওঁলােকে লাভ কৰিব নিয়মীয়া নিযুক্তি।

মহানগৰীৰ এক অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্ন সন্দৰ্ভত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।