বানত বুৰ যোৱা ইনভাৰ্টাৰ অফ কৰিব খোজতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু যুৱকৰ

নিউজ ডেস্কঃ বাৰিষাৰ বানে বুৰাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। বানত ডুবি প্ৰাণ হেৰুৱাবলগীয়া হৈছে অনেক জনে। কিন্তু এইবাৰ বানৰ বাবেই, অথচ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় বৰপেটাৰ এজন চফল যুৱকে। এই হৃদয় বিদাৰক ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলজুৰি।

জানিব পৰা মতে, ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে বানে প্লাৱিত কৰিছিল বৰপেটা জিলৰ ৭নং ৱাৰ্ডৰ অন্তৰ্গত গায়নহাটী অঞ্চলো। বানৰ পৰিস্থিতিৰ বাবেই গায়নহাটীৰ পেছাত ই-ৰিক্সা চালক জ্যোতিকেশ গায়ন নামৰ যুৱকজনে মাতৃ সহিতে আন ওখ স্থানত আশ্ৰয় লয়।

photo1656052489
বানত বুৰ যোৱা ইনভাৰ্টাৰ অফ কৰিব খোজতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু যুৱকৰ 2

বান পৰিস্থিতি কিছু শাম কটাত যুৱকজনে নিজৰ ঘৰলৈ আহে। সেই সময়তে তেওঁ ঘৰৰ ইনভাৰ্টাৰটো অন হৈ থকা প্ৰত্যক্ষ কৰি সেইটো বন্ধ কৰিবলৈ চেষ্টা কৰোতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে ২৪ বছৰীয়া যুৱকজনৰ।

ইফালে পুত্ৰৰ মৃত্যুৰ পিছতে শোকত ভাগি পৰিছে তেওঁৰ বিধৱা মাতৃ গোলাপী গায়ন। ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোতো।