অসমীয়াৰাষ্ট্ৰীয়

বাছৰ ভিতৰত কৰি আছিল অশালীন আচৰণ, চোঁচৰাই নমাই আনি লপাথপা লগালে এগৰাকী মহিলাই, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ বাছৰ ভিতৰত অশালীন আচৰণ কৰা এজন সুৰাসক্ত ব্যক্তিক চোঁচৰাই নমাই আনি লপাথপা লগালে এগৰাকী মহিলাই।

কেৰালাৰ ৱায়ানাডৰ এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে মহিলাগৰাকীৰ সাহসৰ প্ৰশংসাত মুখৰ হৈ পৰিছে নেটিজেন।

মহিলাক আজিও বহু ক্ষেত্ৰত পুৰুষতকৈ দুৰ্বল বুলি ভৱা হয়।

বিশেষকৈ শাৰিৰীক সক্ষমতাৰ ক্ষেত্ৰত মহিলাক দুৰ্বল বুলি ধৰিয়েই একাংশই মহিলাৰ ওপৰত শাৰিৰীক নিৰ্যাতন, বলাৎকাৰ আদিৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰি আহিছে। কিন্তু তাৰ মাজতে একাংশ এনে মহিলা আছে, যিয়ে পুৰুষপ্ৰধান সমাজখনক দেখুৱাই দি আহিছে যে মহিলাও কোনো গু্‌ণে কম নহয়।

জানিব পৰা মতে, যোৱা ২৯ মে’ত সংঘটিত হৈছিল এই ঘটনা। এগৰাকী মহিলাই ভেঙাপল্লী অভিমুখী এখন বাছত যাত্ৰা কৰি থকাৰ সময়তে পদিনজাৰথৰা বাছ ষ্টেণ্ডত এজন সুৰাসক্ত পুৰুষ তাৰ কাষৰ চিটত বহে।

মদ্যপান কৰি থকা পুৰুষজনে মহিলাগৰাকীক বাৰে বাবে অশালীন আচৰণ কৰি থকাত মহিলাগৰাকীয়ে ব্যক্তিজনক আন চিটত গৈ বহিবলৈ কয়। আনকি বাছখনতে যাত্ৰা কৰা আন এগৰাকী মহিলাই ব্যক্তিজনৰ সৈতে চিট সলনি কৰিবলৈ বিচাৰৰ পিছতো সুৰাসক্ত ব্যক্তিজনে উঠি যাবলৈ অস্বীকাৰ কৰে।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে বাছৰ কণ্ডাক্টৰক এই সন্দৰ্ভত অৱগত কৰাত কণ্ডাক্টৰে ব্যক্তিজনক উঠি আন চিটত বহিবলৈ কয়। আৰু তাৰ পিছতে ব্যক্তিজনে বাছৰ ভিতৰত আশ্ৰব্য গালিগালাজ আৰম্ভ কৰে।

বাছৰ ভিতৰত সুৰাপায়ী ব্যক্তিজনে কৰা এনে অভব্য আচৰণত ক্ষোভিত হৈ মহিলাগৰাকীয়ে তেওঁক বাছৰ পৰা চোঁচৰাই নমাই আনে আৰু উত্তম মাধ্যম শোধায়।

সেই সময়ত কোনো এজনে মোবাইল কেমেৰাত বন্দী কৰা সেই দৃশ্যই এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’টোত মহিলাগৰাকীয়ে মাটিত পৰি থকা ব্যক্তিজনক কুকুৰ বুলি গালি পৰাৰ লগে কান্ধত গোৰ শোধোৱা দেখিবলৈ পোৱা গৈছে।

মহিলাগৰাকীয়ে ব্যক্তিজনৰ বিৰুদ্ধে দেখুওৱা সাহসে মন চুই গৈছে নেটিজেনৰো।

Leave a Reply

Your email address will not be published. Required fields are marked *