বাছৰ চালক, হেণ্ডিমেন, নামঘৰীয়া, পূজাৰী, পদপথৰ ব্যৱসায়ীলৈ সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰীৰ…

বাছৰ চালক, হেণ্ডিমেন, নামঘৰীয়া, পূজাৰী, পদপথৰ ব্যৱসায়ীলৈ সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বিজেপিৰ ১০০দিন উপলক্ষে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

সেই অনুসৰি বাছৰ চালক হেণ্ডিমেনক প্ৰদান কৰা হ’ব ১০,০০০ কৈ টকাৰ আৰ্থিক সাহায্য।

সকলো চৰকাৰী-বেচৰকাৰী বাছ চালক তথা হেণ্ডিমেনে লাভ কৰিব এই সাহায্য।

লগতে মন্দিৰৰ পুজাৰি আৰু নামঘৰীয়াক ১৫ হাজাৰকৈ টকা দিব চৰকাৰে।

আনহাতে ৰাজ্যৰ কলা কুশলী, পদ পথৰ ব্যৱসায়ী সকলৰ বাবেও সাহাৰ্য্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

খানাপাৰৰ ষ্টাফ কলেজত অনুষ্ঠিত হোৱা সংবাদমেল এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে এই এককালীন সাহায্য লাভৰ বাবে এটা পৰ্টেল খুলিব চৰকাৰে।

সেই পৰ্টেলৰ জৰিয়তে আৱেদন কৰিব পাৰিব বুলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে অৰুণোদয় আঁচনিৰ ধন ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

Leave a Comment