অসম

এতিয়াৰে পৰা ৰাজ্যৰ পাঠ্যক্ৰমত বাধ্যতামূলক হ’ব ভূগোল আৰু বৰঞ্জীঃ মুখ্যমন্ত্ৰী

এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত বাধ্যতামূলক হ’ব ভূগোল আৰু বুৰঞ্জী।

দশম শ্ৰেণীলৈ সকলো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ইংৰাজীৰ সমানে বাধ্যতামূলক ভাৱে পঢ়িব লাগিব ভূগোল আৰু বুৰঞ্জী বিষয়।

লগতে ৰাজ্যৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব।

ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি প্ৰতিখন জুনিয়ৰ কলেজত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব পাঠদান।

একেলগে হব নৱম, দশম, একাদশ আৰু দ্বাদশ। 

এই ব্যৱস্থাৰ বাবে বিদ্যালয় একত্ৰিকৰণ আৰু অন্যান্য প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰাকৰে ১০০ দিন সম্পূৰ্ণ কৰাক লৈ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

সংবাদ মেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *