বাঘৰ সৈতে একেটা কোঠাতে আঢ়ৈঘন্টা ধৰি আবদ্ধ থাকিল কিশােৰী!

নিউজ ডেস্ক। শােণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শ’লমাৰী গাঁৱত এক শিহৰণকাৰী ঘটনা।

বাঘৰ সৈতে প্ৰায় আঢ়ৈঘণ্টা সময় ধৰি একেটা কোঠাতে আবদ্ধ হৈ পৰিল এগৰাকী কিশােৰী।

এনে অভাৱনীয় পৰিস্থিতিৰ মাজতে প্ৰবল সাহসিকতা আৰু ধৈৰ্য্যৰ পৰিচয় দিলে কিশোৰীগৰাকীয়ে।

কিশোৰীগৰাকী ঢেকিয়াজুলিৰ শ’লমাৰী গাঁৱৰ ৰেণু মাঝি।

photo 2022 02 16 11 44 24
সাহসী কিশােৰী ৰেণু মাঝি

উল্লেখ্য যে ঢেকিয়াজুলি শ’লমাৰী গাঁৱত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ প্ৰৱেশ কৰি বাঘটোৱে চুৰেণ ওৰাং নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰিছিল।

দুৰ্ভাগ্যবশতঃ ৰেণু মাঝি নামৰ কিশোৰীগৰাকীও উক্ত কোঠাটোতে আৱদ্ধ হৈ পৰিছিল। কিন্তু ৰেণু মাঝি উক্ত কোঠাটোত আবদ্ধ হোৱাৰ কথা কোনেও গম পোৱা নাছিল।

প্ৰায় আঢ়ৈ ঘণ্টাধৰি বাঘটোৰ সৈতে একেটা কোঠাতে অতিবাহিত কৰাৰ পিছত ৰেণু মাঝিয়ে নিজৰ ফোন যোগে একেটা কোঠাতে বাঘ আৰু ৰেণু মাঝি আবদ্ধ হৈ থকাৰ সমগ্ৰ ঘটনা আত্মীয়ক জনোৱাত এক হুৱা-দুৱাৰ পৰৰিৱেশৰ সৃষ্টি হয়।

ইয়াৰ পিছতে স্থানীয় ৰাইজ তথা ঘৰৰ অভিভাৱক চুৰেণ ওৰাঙে এডাল জখলাৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Comment