ক’ভিডৰ সকলো নিষেধাজ্ঞা উঠাই লোৱা দেশৰ প্ৰথমখন ৰাজ্য অসম…

ক’ভিডৰ সকলো নিষেধাজ্ঞা উঠাই লোৱা দেশৰ প্ৰথমখন ৰাজ্য অসম।

ৰাজ্যত ক্ৰমাৎ ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰে ক’ভিড সম্পৰ্কীয় সকলো নিষেধাজ্ঞা।

মঙলবাৰৰ পৰা নৈশ সান্ধ্য আইন, সামাজিক তথা ধৰ্মীয় সমাৱেশকে ধৰি শিক্ষানুষ্ঠানত অফলাইন পাঠদানৰ ক্ষেত্ৰত থকা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয়।

অৱশ্যে, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা নিৰ্দেশনা অনুসৰি, ৰাজহুৱা স্থানত মাস্ক পিন্ধা, সামাজিক দূৰত্ব মানি চলাৰ লগতে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা বাধ্যতামূলক।

মঙলবাৰৰ দিনটোত অসমত কেৱল ৬৬জনৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে মৃত্যু হয় মৃত্যু হয় ৫ জনৰ।

যাৰ ফলত ৰাজ্যত সামগ্ৰিক ক’ভিড  পজিটিভিটীৰ হাৰ ০.৬২%লৈ হ্ৰাস পায়।

আনহাতে, বিগত ২৪ ঘন্টাত কামৰূপ মহানগৰত ১৮ জন ক’ভিডত আক্ৰান্ত হয়।

Leave a Comment