বহুবাৰ বহুজনৰ জীৱন বচোৱা স্নিফাৰ ডগ ৰাণাৰ মৃত্যু, সামৰিক মৰ্যাদাৰে জনোৱা হ’ল শেষ বিদায়…

নিউজ ডেস্কঃ মুম্বাই আৰক্ষীৰ বোমা চিনাক্তকৰণ আৰু নিষ্কাশন দলৰ (বিডিডিএছ) হৈ সেৱা আগবঢ়াই বহুবাৰ লুকুৱাই ৰখা বোমা উদ্ধাৰ কৰি হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰা ৰাণা আৰু নাই। মুম্বাই আৰক্ষীৰ বোমা স্কোৱাডৰ স্নিফাৰ ডগ ৰাণাৰ মৃত্যুৰ বিষয়ে জানিবলৈ দিয়ে মুম্বাই আৰক্ষীয়ে।

photo1660909369
বহুবাৰ বহুজনৰ জীৱন বচোৱা স্নিফাৰ ডগ ৰাণাৰ মৃত্যু, সামৰিক মৰ্যাদাৰে জনোৱা হ’ল শেষ বিদায়… 3

উল্লেখ্য যে, স্নিফাৰ ডগৰ প্ৰশিক্ষণ লাভ কৰাৰ পিছত ৰাণা নামৰ লেব্ৰেডৰ প্ৰজাতিৰ কুকুৰটোক বিডিডিএছত নিযুক্তি দিয়া হৈছিল ২০১৬ চনত। তেতিয়াৰে পৰা বহুবাৰ বহুকেইটা লুকুৱাই ৰখা বোমা-বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰি সন্ত্ৰাসবাদীৰ কূটাঘাত প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল ৰাণাই।

image 144
বহুবাৰ বহুজনৰ জীৱন বচোৱা স্নিফাৰ ডগ ৰাণাৰ মৃত্যু, সামৰিক মৰ্যাদাৰে জনোৱা হ’ল শেষ বিদায়… 4

কিন্তু শেহতীয়াকৈ পেটৰ ৰোগত আক্ৰান্ত হোৱা ৰাণাক যোৱা ২২ জুলাইত মুম্বাইৰ বাই শকাৰবাই দিনশ্ব’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালতে বুধবাৰে নিশা ১০.৩৫ বজাক মৃত্যু ঘটে ৰাণাৰ।

মুম্বাই আৰক্ষীৰ তৰফৰ পৰা জনোৱা অনুসৰি, বৃহস্পতিবাৰে সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হয় ৰাণাক। ৰাণাৰ বিদায় অনুষ্ঠানত মুম্বাইৰ যুটীয়া আৰক্ষী আয়ুক্ত (প্ৰশাসন) আৰু বোমা স্কোৱাডৰ জ্যেষ্ঠ পৰিদৰ্শককে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।