অসম

বহিঃৰাজ্যৰ কোম্পানীৰ কৰ্মচাৰীৰ গুণ্ডাৰাজ, ৰেল পথত বহি থকা যুৱকলৈ গুলীচালনা, এজন গুলিবিদ্ধ…

ধেমাজিৰ চিমেন চাপৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

 ৰেল পথৰ ওচৰত বহি থকা ৩ যুৱকলৈ দুৰ্বৃত্তৰ গুলীচালনা।

জোনাই চিমেন চাপৰিৰ চেৰেন দলঙত ভদা বসুমতাৰী (৩৫) বগাৰাম বসুমতাৰী আৰু মংগল স্বৰ্গীয়ৰী নামৰ তিনি গৰাকী যুৱকে বুধবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত ৰেল পথৰ ওপৰত বহি মবাইল চাই থকা মুহূৰ্ত ৰিয়া ব্ৰহ্ম নামৰ কোম্পানীৰ এটা দলে পিষ্টলেৰে গুলীয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।

স্থানীয় ৰাইজৰ মতে চিমেন নদীৰ কুৱেৰীত কাম কৰা চাৰিটা বৃহৎ ক্ৰেচাৰ মেচিন অৰুণাচলৰ চেৰেং গাঁৱৰ পৰা আনি থকা অৱস্থাত ৰেল পথৰ ওচৰত তিনিদিন ধৰি আৱদ্ধ হৈ আছিল৷

উপায়ন্তৰ হৈ ক্ৰেচাৰ মেচিন চাৰিটা পাৰ কৰিব নোৱাৰ কাৰণে ৰেল পথৰ তলত দুখন ফ’কলেনেৰে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খান্দি পাৰ কৰাৰ চেষ্টা কৰিছিল৷

সেই সময়ত ৰে’ল পথক বহি গাঁত খান্দি থকাৰ দৃশ্য মোবাইলত যুৱক কেইজনে বন্দী কৰা বুলি সন্দেহত আক্ৰমণ কৰি গুলি চালনা কৰে।

যাৰ ফলত চেৰেং গাঁৱৰ বদা বসুমতাৰী ডিঙিত গুলী লাগে।

ইয়াৰ উপৰিও আন দুজনক বন্ধুকেৰে মুৰত খুণ্ডা মাৰি আঘাতপ্ৰাপ্ত কৰাত বৰ্তমান তিনি গৰাকী যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

ইফালে এই ঘটনা সংঘটিত কৰিয়েই আক্ৰমনকাৰীয়ে ঘটনাস্থলীতে এস্ককেভেটৰ এৰি পলায়ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *