অসম

ব’হাগ বিহুৰ প্ৰাকক্ষণত ১০ ফুট ৬ ইঞ্চিৰ বৃহৎ বাঁহৰ পেঁপা প্ৰস্তুত কৰি চৰ্চাত এজন যুৱক…

বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।

সমগ্ৰ ৰাজ্যতে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।

ব’হাগ বিহুৰ প্ৰাকক্ষণত ১০ ফুট ৬ ইঞ্চিৰ বৃহৎ বাঁহৰ পেঁপা প্ৰস্তুত কৰি চৰ্চাত এজন যুৱক।

অসমৰ আটাইতকৈ দীঘল বাঁহৰ পেঁপাটো প্ৰস্তুত কৰি উলিয়ালে যোৰহাটৰ এজন যুৱশিল্পীয়ে।

এই যুৱশিল্পী গৰাকীৰ নাম পাৰ্থ প্ৰতীম নেওগ।

image 10

শেহতীয়াকৈ এইগৰাকী যুৱশিল্পীয়ে ১০ফুট ৬ ইঞ্চিৰ এটা বৃহৎ বাঁহৰ পেঁপা প্ৰস্তুত কৰি পুনৰ চৰ্চালৈ আহিছে। 

এই পেঁপাৰ জৰিয়তে যাতে যুৱ প্ৰজন্মই এই বাদ্যযন্ত্ৰসমূহ আয়ত্ত কৰাৰ বাবে আকৰ্ষিত হয় তাৰ বাবে চেষ্টা কৰিছে বুলি শিল্পীগৰাকীয়ে জানিব দিয়ে।

শিল্পীগৰাকীৰ হাতৰ পৰশত ইতিমধ্যে প্ৰাণ পাই উঠিছে ঢোল, পেঁপা, গগনা, নেগেৰা, বাঁহী অৰ্থাৎ প্ৰতিটো থুলুৱা বাদ্য।

তেওঁ নিজ হাতেৰে এই সমূহ প্ৰস্তুত কৰাৰ লগতে নৱপ্ৰজন্মক থুলুৱা প্ৰতিটো বাদ্যৰ প্ৰশিক্ষণ দি আহিছে।

লগতে চাওকঃ

ব্যতিক্ৰমী দৃশ্য! অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে অভিভাৱকৰ হেতাওপৰা

G1 33

Leave a Reply

Your email address will not be published. Required fields are marked *