অসমঅসমীয়া

বলেৰ’ৰ সৈতে বাইক সংঘৰ্ষত ৩ বাইক আৰােহীৰ ২ জনৰে মৃত্যু, এজনৰ অৱস্থা সংকটজনক

নিউজ ডেস্ক। এখন বাইক উঠি যাত্ৰা কৰা ৩ যুৱকৰ ২ জনৰে মৃত্যু ঘটিল পথ দুৰ্ঘটনা।

এই ঘটনাৰ স্থান পূব কাৰ্বি আংলং জিলাৰ ডিফু-মাঞ্জা পথ।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্রায় ৬.৩০ বজাত মাঞ্জাৰ পৰা দিশে তীব্রবেগে গৈ থকা এএছ-০৯-ডি-০৩০১ নম্বৰৰ বাহনখনে বিপৰীত দিশৰ আহি থকা মটৰচাইকেলখনত সন্মুখৰ পৰা খুন্দা মাৰে।

G2 2

লগতে দুর্ঘটনাগ্রস্ত বলেৰ’ বাহনখনৰো এটা চকা খুলি ওলাই যায়।

এই দুৰ্ঘটনা বাইকখনৰ চালক ডিফু পাঁচমাইলৰ চন্দন ৰয় নামৰ যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু হয়, লগতে আন এজন যুৱকৰ মৃত্যু চিকিৎসালয়লৈ নিয়াৰ পথত হয়।

তৃতীয়জন যুৱক সংকটজনক অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন।

ঘটনা সংঘটিত হোৱাৰ পিচতে ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে বলেৰ’খনৰ চালকজন পলাই যায় বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

G5

Leave a Reply

Your email address will not be published. Required fields are marked *