ৰাষ্ট্ৰীয়

বলীউড অভিনেতা অৰমান কোহলীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। বলীউড অভিনেতা অৰমান কোহলীক গ্ৰেপ্তাৰ।

নাৰ্কােটিক্স ক’ন্ট্ৰল ব্যুৰ’ৰ এটা দলে সোধা-পোছা কৰি থকা অৰমান কোহলীক দেওবাৰে ৰাতিপুৱা গ্ৰেপ্তাৰ কৰে।

তেওঁৰ মুম্বাইৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা যায়।

জানিব পৰা মতে, এনচিবিৰ এটা দলে শনিবাৰে মুখ্য ড্ৰাগ সৰবৰাহকাৰী অজয় ৰাজু সিঙক আটক কৰিছিল।

G1

অভিযুক্ত অজয় ৰাজু সিঙৰ প্ৰাথমিক জেৰাৰ ভিত্তিত একেদিনাই এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল।

তেওঁৰ তথ্য অনুসৰি এনচিবিৰ এটা দলে আন্ধেৰীত থকা আৰমান কোহলীৰ ঘৰত তালাচী চলাইছিল। তাৰ পৰাই সংস্থাই কম পৰিমাণৰ কোকেইন ড্ৰাগ উদ্ধাৰ কৰিছিল।

সূত্ৰ অনুসৰি, অভিযানকাৰী দলটোৱে পিছত অভিনেতাজনক সোধা-পোছাৰ বাবে দক্ষিণ মুম্বাইত থকা কাৰ্যালয়লৈ লৈ যায়।

E98-ME3q-Vg-AQ8ac-T

উল্লেখ্য যে অভিনেতাজনে চলমান খান অভিনীত “প্ৰেম ৰতন ধন পায়ো” ৰ লগতে অন্যান্য চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰোপৰি তেওঁ টিভি ৰিয়েলিটি শ্ব’ বিগ বছৰ অন্যতম প্ৰতিযোগীও আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *