বন্যপ্ৰাণীৰ শৰীৰৰ অংগ-প্ৰত্যংগ সহ পশ্চিম বংগত গ্ৰেপ্তাৰ অসমৰ বাসিন্দা

নিউজ ডেস্ক। অসম তথা উত্তৰ পূবৰ পৰা বহিঃৰাজ্যলৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ চােৰাং বেহা পূৰ্ণ গতিত অব্যাহত আছে।

এইবাৰ অসমৰ পৰা সৰবৰাহ কৰা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগসহ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত গ্ৰেপ্তাৰ হ’ল এজন অসমৰ বাসিন্দা।

জানিব পৰা মতে, পশ্চিম বংগৰ জলপাইগুড়িত বন বিভাগৰ বিশেষ টাস্ক ফ’ৰ্চে হৰিণৰ ছাল আৰু পেঙ্গোলিন ছালৰ অংশৰ সৈতে এজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

G9

গ্ৰেপ্তাৰ হোৱা লােকজনৰ নাম বিষ্ণু জৈন বুলি জানিব পৰা গৈছে।

এই লােকজনৰ ঘৰ অসমৰ তেজপুৰত।

লােকজনৰ জিম্মাৰ পৰা এটা হৰিণাৰ ছাল আৰু ২ কিলো ১০০ গ্ৰাম পেঙ্গোলিন ছাল জব্দ কৰা হৈছে।

pangolin-scales

অৱশ্যে এই অভিযানৰ সময়ত আন দুজন চোৰাং ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়।

জেৰাৰ সময়ত লােকজনে স্বীকাৰ কৰে যে উক্ত সামগ্ৰী অসমৰ পৰা নেপাললৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল।

এই চক্ৰটাে পূৰ্বতেও বন্য জন্তুৰ শৰীৰৰ অংশবোৰ চোৰাং ব্যৱসায়ত জড়িত আছিল বুলি বন বিষয়াই প্ৰকাশ কৰিছে।

Leave a Comment