অসমঅসমীয়া

বনমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল বকাে, বন বিভাগৰ কাৰ্যালয় ঘেৰাও শতাধিকৰ

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। প্ৰতিদিনে হাতীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে ৰাজ্যৰ বিভিন্ন জিলাত।

ইয়াৰ মাজতে শুকুৰবাৰে কামৰূপ জিলাৰ বকোৰ বন্দাপাৰা-চেখাদাৰীত বন্যহস্তী খেদিবলৈ বন বিভাগে কৰা গুলীচালনাত মৃত্যু ঘটে দুবছৰীয়া কণমানিৰ আৰ্বি দৈমাৰীৰ, গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হৈ মাতৃ মালবিকা দৈমাৰী।

People-of-the-Bondapara-area-protest-on-NH-17-to-demand-justice-of-Arbi-Daimary-s-killing-incident-a

এই ঘটনাক লৈ উত্তাল হৈ পৰিছে বকােৰ বৃহত্তৰ ৰাজাপাৰা-বন্দাপাৰা অঞ্চল।

ঘটনাৰ বিৰুদ্ধে শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ অঞ্চলটােৰ শতাধিক পুৰুষ-মহিলাই।

হাতে-হাতে প্লে-কাৰ্ড লৈ বন মন্ত্ৰীৰ লগতে বন বিভাগৰ বিৰুদ্ধে তীব্ৰ শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে।

Kamrup-Rural-DC-Kailash-Kartik-N-along-with-SP-Hitesh-Chandra-Ray-controlled-the-situation-at-Bondap

ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদী সমদল উলিয়াই বন্দাপাৰা স্থিত বনাঞ্চলিক কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদ কাৰীসকলে।

ইয়াৰ পাছতে তাত উপস্থিত হয় কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক তথা জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়।

নিহত শিশুটিৰ পৰিয়াললৈ ক্ষতিপূৰণ আদায় দিয়াৰ লগতে ঘটনাৰ তদন্তৰ আশ্বাস দিয়ে কামৰূপ জিলাৰ উপায়ুক্ত গৰাকীয়ে।

তেওঁ অচিৰেই মুখ্যমন্ত্ৰী তথা বনমন্ত্ৰীক সাক্ষাৎ কৰি দুৰ্ভগীয়া পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ বাবে বিহিত ব্যৱস্থা হাতত লােৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তেওঁ ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘােষণা কৰা বুলি প্ৰকাশ কৰে।

ইয়াৰ পাছতে ক্ষান্ত হয় প্ৰতিবাদকাৰীসকল।

লগতে চাওকঃ

প্ৰাক্তন প্ৰেয়সীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ যুৱক

Leave a Reply

Your email address will not be published. Required fields are marked *