অসম

বকোৰ বন্দাপাৰাত গুলীচালনাত জড়িত ২ বনকৰ্মীক আটক…

বকোৰ বন্দাপাৰাত গুলীচালনাত জড়িত ২ বনকৰ্মীক আটক।

আটক সিদ্ধাৰ্থ সিনহা আৰু ইমতাজ আহমেদ।

বকো আৰক্ষী থানাত জেৰা চলোৱা হৈছে দুয়োগৰাকী বনকৰ্মীক।

উল্লেখ্য যে, শুকুৰবাৰে হাতী খেদিবলৈ চলোৱা বনকৰ্মীৰ গুলীত নিহত হৈছিল আৰ্বি দৈমাৰী নামৰ এটি দুবছৰীয়া শিশু।

আনহাতে গুলীবিদ্ধ হৈ আহত হৈছিল আৰ্বি দৈমাৰীৰ মাতৃ মালবিকা দৈমাৰী।

সম্প্ৰতি মালবিকা দৈমাৰী GMCHত চিকিত্‍সাধীন হৈ আছে।

এই ঘটনাৰ পিছতে অধিক উত্তপ্ত হৈ পৰিছিল বকোৰ বন্দাপাৰা।

গাঁওবাসীয়ে প্ৰতিবাদী সমদল বাহিৰ কৰি ঘোৰাও কৰিছিল বন্দাপাৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়।

হাতে হাতে প্লে কাৰ্ড লৈ আৰ্বি হত্যাৰ তদন্ত কৰক, বন বিভাগ মূৰ্দাবাদ, শিশু হত্যাকাৰীক শাস্তি দিয়ক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীত উত্তেজিত জনতাক শান্তনা দিবলৈ কামৰূপৰ উন্নয়ন আয়ুক্ত নৰসিং বে উপস্থিত হৈছিল যদিও তেওঁৰ সৈতে ভাৱ বিনিময় কৰিবলৈ অমান্তি হয় প্ৰতিবাদ কাৰীসকলে।

ইয়াৰ পিছতে ঘটনাস্থলীত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্ত্তিক এন আৰু কামৰুপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় উপস্থিত হৈ উত্তেজিত ৰাইজৰ ন্যায় প্ৰদানৰ আশ্বাস দিয়ে।

উপায়ুক্ত গৰাকীয়ে বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা শিশুটিৰ মাতৃ আহত মালবিকা দৈমাৰী বৰ্তমান সংকটমুক্ত বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও শিশুটিৰ মাতৃ মালবিকা দৈমাৰীৰ সম্পূৰ্ণ চিকিৎসা ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিনামুলীয়াকৈ কৰাৰ ব্যৱস্থা কৰা হ’ব আৰু মৃত আৰ্বি দৈমাৰীৰ পৰিয়ালৰ ক্ষতিপূৰণৰ বাবে মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীৰ সৈতে আলোচনা কৰি অতি সোনকালে সিদ্ধান্ত গ্ৰহন কৰাৰ লগতে সমগ্ৰ ঘটনাৰ অতি শীঘ্ৰে তদন্ত কৰি দোষীক শাস্তি দিয়াৰ আশ্বাস দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *