বঙাইগাঁৱত ৰাজ্য চৰকাৰৰ কেবিনেট, BJPৰ বিৰুদ্ধে শ্বহীদক অপমান কৰাৰ অভিযোগ…

আজি বঙাইগাঁৱত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

বৈঠকৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে উত্থাপিত হৈছে এক অভিযোগ।

কেবিনেট উপলক্ষে মন্ত্ৰী মণ্ডলক আদৰিবৰ বাবে চহৰখনৰ বহু স্থানৰ লগতে বৰপাৰাস্থিত শ্বহীদ বেদীত একাংশ বিজেপি কৰ্মীয়ে আঁৰিছিল বিজেপিৰ পতাকা।

যাকে লৈ কংগ্ৰেছৰ লগতে একাংশ দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আনকি একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে, এইয়া অসম চৰকাৰৰ কেবিনেট নে বিজেপিৰ কেবিনেট?

যুৱ কংগ্ৰেছৰ নেতা জ্যোতিৰ্ময় বৈশ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বঙাইগাঁৱত এয়া অসম চৰকাৰৰ কেবিনেট নে বিজেপি দলৰ কেবিনেট।

আনহাতে বিজেপিয় ৮৫৫ গৰাকী শ্বহীদক অপমান কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তিৰ জিলা সম্পাদক নন্দন দেৱ নাথে।

অৱশ্যে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত নিশাই একাংশ বিজেপিৰ কৰ্মকৰ্তাই পতাকা সমূহ আঁতৰাই লৈ যায়।

Leave a Comment