প্ৰসংগ CAA: অসমৰ জনসাধাৰণে এতিয়া কোনো আন্দোলন সমৰ্থন নকৰে- মুখ্যমন্ত্ৰী…

কৃষকৰ প্ৰতিবাদত সেও মানি অৱশেষত কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিবলৈ বাধ্য হ’ল বিতৰ্কিত ৩ কৃষি আইন।

ইয়াৰ পাছতে যেন অসম তথা উত্তৰ পূৰ্বাঞ্চলত পুনৰ উক-মুকনি উঠিছে কা বিৰোধী আন্দোলনে।

প্ৰতিবাদী কৃষকৰ জয়ৰ পিছতে যেন সম্বিত ঘূৰাই পাইছে অসমৰ বহু জাতীয় দল- সংগঠনে।

পুনৰ ৰাজ্যত ‘কা’ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অসমৰ জনসাধাৰণে এতিয়া এনেধৰণৰ কোনো আন্দোলনত যোগদান নকৰে।’

তেওঁ কয়- ‘জনসাধাৰণে এতিয়া ক’ভিড মহামাৰীৰ পৰা কিছু সকাহ পাইছে আৰু মহামাৰীৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতি উদ্ধাৰৰ বাবে চেষ্টা কৰি আছে। মই বিশ্বাস কৰো যে এতিয়া কোনো লোকে এনেকুৱা ধৰণৰ আন্দোলন যোগদান নকৰে। এয়া কা সমৰ্থন কৰা নকৰা কথা নহয় এতিয়া আন্দোলনৰ সময় নহয়।’

এতিয়া সকলোৱে মিলি ক’ভিডৰ তৃতীয় ঢৌ প্ৰতিহত কৰাৰ সময়, গতিকে এই সময়ত কোনে ক’ভিডৰ বিৰুদ্ধে সাজু হোৱাৰ বিপৰীতে আন্দোলন কৰিবলৈ আহিব বুলিও মন্তব্য কৰে শৰ্মাই।

Leave a Comment