বংগ আৰক্ষীৰ আচম্বিত অভিযান, গুৱাহাটীমুখী স্ক’ৰপিঅ’ৰ পৰা জব্দ ৯৩.৮৩ লাখ টকা…

জলপাইগুৰিত বংগ আৰক্ষীৰ আচম্বিত অভিযান।

বিহাৰৰ পৰা গুৱাহাটীমুখী স্ক’ৰপিঅ’ৰ পৰা জব্দ ৯৩.৮৩ লাখ টকা।

পশ্চিমবংগৰ জলপাইগুৰি জিলাত ৰাজ্যখনৰ আৰক্ষীয়ে বিহাৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰা ৯৩.৮৩ লাখ টকা জব্দ কৰিছে।

image 26
বংগ আৰক্ষীৰ আচম্বিত অভিযান, গুৱাহাটীমুখী স্ক’ৰপিঅ'ৰ পৰা জব্দ ৯৩.৮৩ লাখ টকা... 3

এখন ক’লা স্ক’ৰপিঅ’ত পাঁচজন ব্যক্তিয়ে কঢ়িয়াই আনিছিল এই টকাখিনি। স্ক’ৰপিঅ’খনৰ ‘স্পেয়াৰ হুইল ত লুকুৱাই অনা হৈছিল টকাখিনি।

জলপাইগুৰি আৰক্ষীয়ে আগতীয়াকৈ এই তথ্য লাভ কৰি বিন্নাগুৰি আৰক্ষী চকীৰ অধীনৰ বানৰহাটত নিশা স্ক’ৰপিঅ’খন জব্দ কৰে।

গাড়ীখনত থকা মহম্মদ তৌফিকসহ পাঁচজন ব্যক্তিক বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিচত স্পেয়াৰ হুইলত এই বৃহৎ পৰিমাণৰ টকা লুকুৱাই অনা বুলি স্বীকাৰোক্তি দিয়ে। ইয়াৰ পিচতে আৰক্ষীয়ে টকাখিনি উদ্ধাৰ কৰে।

image 27
বংগ আৰক্ষীৰ আচম্বিত অভিযান, গুৱাহাটীমুখী স্ক’ৰপিঅ'ৰ পৰা জব্দ ৯৩.৮৩ লাখ টকা... 4

ইপিনে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সংবাদমাধ্যমৰ আগত কয় যে, বিহাৰৰ পৰা গুৱাহাটীলৈ কঢ়িওৱা এই ক’লা টকা বিজেপিৰ হাৱালাৰ ধন। এনে ক’লা টকাৰেই বিজেপিয়ে ক্ষমতাত তিষ্ঠি থকাৰ চেষ্টা চলাই আছে।

বংগ আৰক্ষীয়ে সন্দেহ কৰামতে বিহাৰ আৰু অসমৰ মাজত ম’হ, সুৰাৰ চোৰাং ব্যৱসায় অব্যাহত আছে। হয়তো এনে কোনো চোৰাং ব্যৱসায়ৰ সৈতে জড়িত ছিণ্ডিকেট চক্রই এই বৃহৎ পৰিমাণৰ টকা এনেদৰে গুৱাহাটীলৈ পঠিয়াইছিল।