নিউজ ডেস্ক। ২৭ ডিচেম্বৰত ৫৬ বছৰত ভৰি দিব বলিউডৰ চুপাৰষ্টাৰ ছলমান খান। কিন্তু তাৰ পূৰ্বেই সৰ্পদংশনৰ বাবে শনিবাৰে নিশা চিকিৎসাধীন হবলগা হয় ডাবাং খান।
অৱশ্যে দেওবাৰে পুৱা চিকিৎসকে তেওঁক মুকলি কৰি দিয়ে। বর্তমান তেওঁ সুস্থ বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, শনিবাৰে নিশা অভিনেতাগৰাকীক তেওঁৰ পানভেলৰ ফাৰ্ম হাউচত সাপে খোঁটে। লগে লগে তেওঁক নৱী মুম্বাইৰ কাবাদ অঞ্চলৰ এমজিএম (মহাত্মা গান্ধী মিছন) চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
চিকিৎসকে সদৰী কৰা মতে, ছলমান খানক দংশন কৰা সাপটো অবিষাক্ত হোৱাৰ বাবে তেওঁ বৰ্তমান বিপদমুক্ত।
আনহাতে দেওবাৰে পুৱা প্ৰায় ৯ বজাত অভিনেতাগৰাকীক চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিবলৈ অনুমতি দিয়ে চিকিৎসকে। বৰ্তমান অভিনেতা গৰাকী নিজৰ ফাৰ্ম হাউচত আছে আৰু সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে।
ইফালে প্রিয় অভিনেতাগৰাকীক সৰ্প দংশনৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে দেশজুৰি তেওঁৰ আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায় অনুৰাগীসকলে।
উল্লেখ্য যে, খ্ৰীষ্টমাছৰ সন্ধিয়া উদযাপনৰ বাবে শনিবাৰে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে পানভেলৰ ফাৰ্ম হাউচলৈ আহিছিল অভিনেতা ছলমান খান।
তাৎপৰ্যপূৰ্ণভাৱে, পাহাৰ আৰু বনাঞ্চলেৰে আগুৰি থকা ফাৰ্ম হাউচত খ্ৰীষ্টমাছ উদযাপন কৰি থকাৰ সময়তে সৰ্প দংশনৰ বলি হয় ডাবাং খান।
লগতে চাওকঃ
চেল্ফি তুলিবলৈ গৈ চতুৰ্থ মহলাৰ পৰা বাগৰি যুৱতীৰ ওপৰত পৰিল যুৱক









