অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
শেহতীয়া ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হ’ব বিশেষ পৰীক্ষা।
অসন্তুষ্ট শিক্ষাৰ্থীসকলে ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।
শিক্ষাৰ্থীসকলে নিজৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰিব পৰীক্ষা সন্দৰ্ভত বিতং তথ্য।
পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব পৰীক্ষাৰ নতুন মূল্যায়নৰ আধাৰত মাৰ্কশ্বিট।
অৱশ্য শিক্ষাৰ্থীসকলে জমা দিব লাগিব বৰ্তমান প্ৰদান কৰা মাৰ্কশ্বিট।









