পৰীক্ষা কেন্দ্ৰত খেলিমেলি! অসমৰ এইখন জিলাত গ্ৰেপ্তাৰ হ’ল মহাবিদ্যালৰ অধ্যক্ষ

নিউজ ডেস্ক। ৰবিবাৰে ৰাজ্যজুৰি চতুৰ্থ বৰ্গৰ ১৩,৩੦੦ টা পদ পূৰণৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষা মাজতে পৰীক্ষা কেন্দ্ৰত খেলিমেলিৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন মহাবিদ্যালয়ৰ অধ্যক্ষক।

জানিব পৰা মতে, কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

কাছাৰ জিলা উপায়ুক্তৰ এজাহাৰৰ ভিত্তিতে কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

G2 7
পৰীক্ষা কেন্দ্ৰত খেলিমেলি! অসমৰ এইখন জিলাত গ্ৰেপ্তাৰ হ’ল মহাবিদ্যালৰ অধ্যক্ষ 2

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে পানী নসৰকা ব্যৱস্থা ল’বলৈ নিৰ্দেশনা জাৰি কৰিছিল।

কাছাৰ মহাবিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছিল জিলা প্ৰশাসনে।

কিন্তু কাছাৰৰ জিলা উপাযুক্ত ৰোহন ঝাই কাছাৰ মহাবিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুতৰ বিসংগতি ধৰা পেলায়।

ইয়াৰ পিছতে কেন্দ্ৰৰ দায়িত্বত থকা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ নাথক উপায়ুক্তই মাতি পঠিয়াই।

জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰম বিসংগতি হােৱা বুলি পৰ্যবেক্ষণৰ পিছতে উপায়ুক্ত গৰাকীয়ে এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিতেই কাছাৰ আৰক্ষীয়ে অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথক গ্ৰেপ্তাৰ কৰে।

বৰ্তমানে তেওঁক শিলচৰ সদৰ থানাত জেৰা কৰিছে আৰক্ষীৰ উৰ্ধতন বিষয়াই।

তেওঁৰ স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰিছে আৰক্ষীয়ে।