পৰীক্ষাৰ বাবে ইণ্টাৰনেট বন্ধ হোৱাটো প্ৰথম শুনিলোঃ জুবিন গাৰ্গ

বিগত ২১ আগষ্ট তাৰিখে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ২৪ খন জিলাত কৰ্তন কৰা হৈছিল ইন্টাৰনেট সেৱা৷

অনুৰূপ ধৰণে কাইলৈ অৰ্থাৎ ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাতো চৰকাৰে দ্বিতীয়বাৰৰ বাবে পৰীক্ষাৰ সময়ছোৱাত ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজু প্ৰসাদ শৰ্মা নামৰ এগৰাকী সমাজকৰ্মীয়ে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ পৰিপ্ৰেক্ষিতত ২১ আগষ্টত স্তব্ধ হৈ পৰিছিল ডিজিটেল জীৱন। ইন্টাৰনেটৰ মাধ্যমেৰে জীৱন নিৰ্বাহ কৰা ওলা-উবেৰ চালক, অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে তীব্ৰ আৰ্থিক লোকচানৰো সন্মুখীন হ’বলগীয়া হৈছিল।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

তেওঁ কয়- পৰীক্ষাৰ বাবে ইণ্টাৰনেট বন্ধ হোৱাটো প্ৰথম শুনিলো। ইণ্টাৰনেট বন্ধ হ’লে ব্যৱসায়ত বহুত লোকচান হয়। এইটো এটা পৃথিৱীত নতুন কথা শুনিলো। ইয়াৰ এটা বিকল্প বিচাৰিলে ভাল হয়। ইণ্টাৰনেট কৰ্তনৰ ফলত ফুড ডেলিভাৰী সকলৰ বহু লোকচান হৈছে।

উল্লেখ্য যে, ২৮ আগষ্টতো ইণ্টাৰনেট সেৱা কৰ্তনৰ ফলত একেদৰেই ডিজিটেল জীৱন স্তব্ধ হৈ পৰাৰ লগতে অনলাইন ব্যৱসায়ত প্ৰভাৱ পৰাটো স্পষ্ট হৈ পৰিছে।