এক অতি শোকাৱহ ঘটনা।
পিতৃৰ মৃতদেহ সৎকাৰ কৰি গা ধুবলৈ গৈ সলিল সমাধি ঘটিল পুত্ৰৰ।
বাক্সাৰ ডুমুনীৰ সোণাপুৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
পিতৃৰ মৃতদেহ সৎকাৰ কৰি আহি নৈত গা ধুবলৈ যাওঁতেই সংঘটিত হয় এই শোকাৱহ ঘটনাটো।
মৃত পুত্ৰগৰাকীৰ নাম গকুল পানীকা।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।