প্ৰৱল বৰষুণৰ ফলত প্লাৱিত পথত আৱদ্ধ স্কুল বাছ! ৩০ ছাত্ৰ-ছাত্ৰীক নিৰাপদে উদ্ধাৰ

নিউজ ডেস্ক। দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা প্ৰৱল বৃষ্টিপাতৰ মাজতে তেলেংগানাৰ মহাবুবনগৰত এটা সুৰংগ পথত আৱদ্ধ হৈ পৰে এখন ব্যক্তিগত স্কুল বাছ।

ধাৰাসাৰ বৰষুণৰ পিছত সুৰংগ পথটো প্লাৱিত হৈ পৰাত পথটোৰে আহি থকা এখন স্কুল বাছ আৱদ্ধ হৈ পৰে। জানিব পৰা মতে, বাছখনত আছিল ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী।

অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু আৰক্ষীয়ে আৱদ্ধ বাছখনৰ পৰা কণ কণ ছাত্ৰ-ছাত্ৰীসকলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰণিধানযোগ্য যে, ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অনাগত কিছু দিন তেলেংগানাত ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি, আগন্তুক কিছু দিনত বংগৰ উত্তৰ-পশ্চিম উপসাগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ঘূৰ্ণী বতাহৰ সম্ভাৱনা আছে।

তদুপৰি ১০ জুলাই, দেওবাৰলৈকে তেলেংগানাত ধুমুহা আৰু বজ্ৰপাতৰ লগতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৮ জুলাই শুকুৰবাৰ আৰু ৯ জুলাই শনিবাৰেও বিচ্ছিন্নভাৱে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে ৰাজ্যখনত।