ৰাষ্ট্ৰীয়

প্ৰয়াত লতা মংগেশকাৰৰ স্মৃতিত কেন্দ্ৰই মুকলি কৰিব ডাক টিকট…

প্ৰয়াত লতা মংগেশকাৰৰ স্মৃতিত কেন্দ্ৰই মুকলি কৰিব ডাক টিকট।

এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰে’ল আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। 

উল্লেখ্য যে, ৬ ফেব্ৰুৱাৰীত চিকিসাধীন অৱস্থাত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

তাৰ পাছতেই মুম্বাইৰ শিৱাজী পাৰ্কত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। 

প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ লগতে আন আন ৰাজনৈতিক নেতা, বলিউডৰ বিশিষ্ট অভিনেতা, ক্ৰীড়া জগতৰ তাৰকাৰ লগতে অসংখ্য গুণমুগ্ধই তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।  

Leave a Reply

Your email address will not be published. Required fields are marked *