অসমঅসমীয়া

প্ৰয়াত তৰুণ গগৈৰ হৈ ৰাষ্ট্ৰপতিৰ পৰা পত্নী ডলী গগৈয়ে গ্ৰহণ কৰিলে পদ্মভূষণ সন্মান…

মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ সন্মান প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে তৰুণ গগৈৰ হৈ পত্নী ডলী গগৈক আনুষ্ঠানিকভাৱে মানপত্র প্রদান কৰে৷

দিল্লীৰ ৰাজভৱনত এই সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

ৰাজহুৱা পৰিক্রমা শিতানত তিনিবাৰৰ অসমৰ মুখ্যমন্ত্রী হোৱা প্ৰয়াত তৰুণ গগৈক পদ্মভূষণ বঁটা আগবঢ়োৱা হৈছে।

উল্লেখ্য যে ক’ভিড মহামাৰীৰ বাবে ২০২০ আৰু ২০২১ চনৰ পদ্ম বঁটা প্রদান সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে ৰাষ্ট্রপতি ভৱনত আৰম্ভ হৈছে৷

ৰাষ্ট্রপতি ভৱনত আয়োজিত এই কার্যসূচীত উপ-ৰাষ্ট্রপতি ভেংকায়া নাইডু, প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহো উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *