
প্ৰেৰণাদায়ক! ইছৰ’সহ ১৬টাকৈ চৰকাৰী-বেচৰকাৰী সংস্থাৰ মোটা দৰমহাৰ চাকৰি প্ৰত্যাখান কৰি IPS বিষয়া হোৱাৰ সপোন পূৰ কৰিলে তৃপ্তিয়ে…
নিউজ ডেস্কঃ এটা সাধাৰণ চাকৰিৰ বাবে অনেক যুৱক-যুৱতীয়ে হাবাথুৰি খোৱাৰ সময়ত এনে বহু মেধাসম্পন্ন যুৱক-যুৱতীও আছে, যাক চাকৰিয়ে হাত বাউলি মাতে।
কিন্তু সুখৰ মাপকাঠি এটা ভাল দৰমহাৰ চাকৰিতে জানো থাকে? সেয়ে তৃপ্তিয়ে ইছৰ’ৰ দৰে চৰকাৰী সংস্থাৰ মোটা দৰমহাৰ চাকৰিও প্ৰত্যাখ্যান কৰি আজি অসামৰিক বিষয়া হিচাপে কৰ্তব্য পালন কৰি আছে তৃপ্তিয়ে।

কেৱল ইছৰ’ৱে নহয়, চৰকাৰী-বেচৰকাৰী সংস্থাকে ধৰি মুঠ ১৬টা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছিল তৃপ্তিয়ে।
যি সময়ত তেওঁৰ অইন বন্ধু-বান্ধৱীয়ে এটা চাকৰিৰ বাবে হাহাকাৰ কৰিছিল, সেই সময়ত তেওঁক প্ৰদান কৰা হৈছিল মোটা দৰমহা।

উত্তৰাখণ্ডৰ আলমোৰাৰ নিৱাসী তৃপ্তি ভাটে ইঞ্জিনিয়াৰিং সম্পন্ন কৰাৰ পিছতে লাভ কৰিছিল বহু কেইটা চাকৰিৰ অফাৰ।
কিন্তু শিক্ষক পৰিয়ালত জন্মগ্ৰহণ কৰা তৃপ্তিৰ লক্ষ্য আছিল এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ।

সেয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰাৰ পিছতো তেওঁ তেনে প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল।
নৱম শ্ৰেণী অধ্যয়ন কৰি থকা সময়ত তদানীন্তন ৰাষ্ট্ৰপতি ডাঃ এ পি জে আব্দুল কালামক লগ পোৱাৰ সুযোগ পাইছিল তৃপ্তিয়।

সেই সময়ত মিছাইল মানৱগৰাকীয়ে এখন হাতে লিখা চিঠি দিছিল তৃপ্তিক।
সেই চিঠিখনৰ পৰাই প্ৰশাসনিক বিষয়া হোৱাৰ অনুপ্ৰেৰণা লাভ কৰিছিল তৃপ্তি ভাটে।
২০১৩ চনত অভিযান্ত্ৰিক শিক্ষাৰ অন্তত তৃপ্তি ভাটে প্ৰথম প্ৰয়াসতে ইউপিএছচি চিভিল চাৰ্ভিছ পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

আইপিএছ তৃপ্তি ভাট যিমানেই মেধাৱী, সিমানেই দক্ষ ক্ৰীড়া ক্ষেত্ৰতো।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৬ আৰু ১৪ কিলোমিটাৰ মাৰাথন আৰু ৰাজ্যিক পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত স্বৰ্ণ পদক বিজয়ী তৃপ্তি টাইকোৱাণ্ডো আৰু কাৰাটেতো পাকৈত।





