প্ৰেয়সীক নিজৰ কৰিব নোৱাৰি ৰে’লৰ আগত জঁপিয়াই জীৱন ত্যাগ প্ৰেমিকৰ, বচাবলৈ গৈ বন্ধুৰো মৃত্যু…

এক চাঞ্চল্যকৰ ঘটনা।

প্ৰেয়সীক নিজৰ কৰিব নোৱাৰি ৰে’লৰ আগত জঁপিয়াই জীৱন ত্যাগ কৰিলে এগৰাকী প্ৰেমিকে।

ইপিনে বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে আন এগৰাকীয়ে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, পশ্চিম দৰঙৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত শালিকাঝাৰ নিবাসী এগৰাকী যুৱতীৰ সৈতে বড়িগাঁৱৰ ইক্ৰাম আলী নামৰ এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। যাৰ বাবে প্ৰায় ডেৰ বছৰ পূৰ্বে প্ৰেয়সীক লগত লৈ প্ৰেমিক ইক্ৰাম আলীয়ে পলাই যায়।

কিন্তু সেই সময়ত বিবাহৰ কাৰণে প্ৰাপ্তবয়স্ক নোহোৱাত দুয়োটা পৰিয়ালৰ লোকে আলোচনাত মিলিত হৈ উপযুক্ত সময়ত দুয়োৰে বিয়া পাতি দিয়া হ’ব বুলি এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে।

কিন্তু এই সিদ্ধান্তত প্ৰেমিকাৰ পিতৃ ভিতৰি ভিতৰি যে সন্তুষ্ট নাছিল সেই কথা স্পষ্ট কৰে ১৩ আগষ্ট তাৰিখে সংঘটিত কৰা এক ঘটনাই।

জানিব পৰা মতে, সেইদিনা প্ৰেমিক ইক্ৰামক বাইহাটা চাৰিআলিত প্ৰেমিকাৰ পিতৃ ইছমাইলে জব্দ কৰি ৰাখি ইক্ৰামৰ পিতৃ নাছিৰুদ্দিনক অবগত কৰে। ফলত পিতৃ নাছিৰুদ্দিনে আহি ইক্ৰামৰ ফালি চিৰি পেলোৱা ছাৰ্ট পিন্ধি থকালৈ লক্ষ্য কৰি হতবাক হৈ পৰে।

প্ৰেয়সীৰ পিতৃ ইছমাইলে ইক্ৰামক বাইকৰ পিছ পিনে বহুৱাই লৈ প্ৰতিবেশী পৰিয়ালৰ ঘৰত এখন চুক্তি পত্ৰত প্ৰেমিক ইক্ৰাম আৰু পিতৃ নাছিৰুদ্দিনক স্বাক্ষৰ কৰিবলৈ বাধ্য কৰায়।

উক্ত চুক্তি পত্ৰত কেইবাটাও বিষয়ৰ ওপৰি ইক্ৰামে ভৱিষ্যতে প্ৰেমিকাৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে।

ইয়াৰ পাছতে মানসিক ভাৱে ভাঙি পৰা ইক্ৰামে ৱাহাটীত থকা বন্ধু হাফিজুল আলীৰ ওচৰলৈ ফুৰিবলৈ যায় আৰু ১৬ তাৰিখে দুয়ো বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বড়িগাঁৱৰ ঘৰলৈ আহিব বুলি পৰিয়ালক অবগত কৰে।

ইয়াৰ পাছতে মঙ্গলবাৰে সন্ধিয়া বাইহাটা ৰে’ল ষ্টেচনৰ সমীপত নিজৰ হোৱাট্চএপত প্ৰেয়সিক উদ্দেশ্যি বিভিন্ন ষ্টেটাচ আৰু একাধিক যুগ্মফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তীব্ৰ বেগত অহা এখন ৰেলৰ সন্মুখত জপিয়াই দিয়ে।

ইফালে লগত থকা হাফিজুল (২১) নামৰ বন্ধু জনেও ইক্ৰামক বচাবলৈ গৈ মৃত্যুক আকোৱালি লয়।

ঘটনাৰ খবৰ লাভ কৰি বাইহাটা জি আৰ পিয়ে মৃতদেহ উদ্ধাৰ কৰে।

সন্ধিয়া গাঁওখনৰ দুজনকৈ যুৱকৰ শৱদেহ লৈ অহাৰ লগে লগে এক অবৰ্ণণীয় শোকাকুল পৰিবেশে বিৰাজ কৰে।