আদালত চৌহদৰ পৰা পলায়ন দুৰ্ধৰ্ষ অপৰাধী গেৰজাইক পুনৰ গ্ৰেপ্তাৰ…

আদালত চৌহদৰ পৰা পলায়ন দুৰ্ধৰ্ষ অপৰাধী গেৰজাইক পুনৰ গ্ৰেপ্তাৰ।

লখিমপুৰ আৰক্ষীৰ নিদ্ৰা হৰণকাৰী দুৰ্ধৰ্ষ নৰ হত্যাকাৰী গেৰজাই যোৱা মঙলবাৰে ঢকুৱাখনা ন্যায়িক আদালতৰ শৌচাগাৰৰ পৰা পলায়ন কৰিছিল।

বৃহস্পতিবাৰে পুৱতি নিশা  ঢকুৱাখনা, ঘিলামৰা আৰক্ষীৰ যুটীয়া অভিযান কালত ঢকুৱাখনা ঘূণাসুঁতি গড়কাপ্তানী পথৰ বাসুদেৱ দলংৰ তলৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে কৰে।

ৰাইজৰ সহযোগত আৰক্ষীয়ে পলাতক গেৰজাইক আটক কৰি ঢকুৱাখনা থানালৈ আনে।

উল্লেখ্য যে, ঢকুৱাখনা আদালতৰ শৌচাগাৰৰ খিৰিকী ভাঙি পলায়ন কৰিছিল গেৰজাই ওৰফে ৰাজু বৰুৱাসহ তেওঁৰ দুই সতীৰ্থ অপৰাধী।

পলায়ন কৰা আন দুগৰাকী অপৰাধী আছিল যতীন তামুলী আৰু সোণটি দাস।

আৰক্ষীয়ে অপৰাধী তিনিজনক ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰিবলৈ আনিছিল। কিন্তু আদালতৰ লকআপৰ ভিতৰত থকা শৌচাগাৰৰ ভিতৰৰ খিৰিকীৰ গ্ৰীল, গ্লাছ ভাঙি পলায়ন কৰিছিল তিনিওজনে।