নিউজ ডেস্কঃ প্ৰেমৰ শক্তি অনন্য- সেয়া সকলোৱে জানে। কিন্তু ছাত্ৰীৰ প্ৰেমত পৰি লিংগ সলনি কৰি পেলালে এগৰাকী শিক্ষয়িত্ৰীয়ে।
এনে এক আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানত। লিংগ সলনি কৰাৰ পিছত দুয়োটা পৰিয়ালৰ সন্মতিত সম্পন্ন হয় শিক্ষয়িত্ৰী আৰু ছাত্ৰীগৰাকীৰ বিবাহ।
জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভাৰতপুৰত।

এখন বিদ্যালয়ৰ শাৰীৰিক শিক্ষাৰ শিক্ষয়িত্ৰী মীৰা আৰু বিদ্যালয়খনৰ ছাত্ৰী কল্পনা ফৌজদাৰৰ মাজত আৰম্ভ হৈছিল ভালপোৱাৰ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাডী খেলুৱৈ আৰু শিক্ষয়িত্ৰী মীৰাৰ মাজৰ ভালপোৱাত হেঙাৰ হৈ থিয় দিছিল তেওঁলোকৰ দুয়োৰে লিংগ।
আইন আৰু পৰিয়ালে দুগৰাকী যুৱতীৰ বিবাহত সন্মতি প্ৰদান নকৰাত অৱশেষত প্ৰেম সাৰ্থক কৰিবলৈ লিংগ সলনি কৰাৰ সিদ্ধান্ত লয় মীৰাই।

তাৰ পিছতে ২০১৯ চনৰ পৰা কেইবাটাও জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি শেহতীয়াকৈ সম্পূৰ্ণ পুৰুষ হৈ উঠিছে মীৰা।
মীৰাৰ এই জটিল সময়ত তেওঁৰ কাষত অনবৰতে সাহস হৈ থিয় দিছিল কল্পনাই। এতিয়া মীৰাই লিংগ সলনি কৰি সম্পূৰ্ণ পুৰুষ হৈ পৰাত আনন্দিত হৈ পৰিছে কল্পনা।

আনহাতে শেহতীয়াকৈ তেওঁলোকৰ পৰিয়ালেও সন্মতি প্ৰদান কৰাত ইতিমধ্যে সম্পন্ন হৈ গৈছে মীৰা আৰু কল্পনাৰ বিয়াখন।
জানিব পৰা মতে, অহা জানুৱাৰী মাহত এক আন্তঃৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে প্ৰস্তুতি চলাই আছে কল্পনাই। আৰু কল্পনাৰ এই প্ৰস্তুতিত সহযোগ আগবঢ়াই আছে মীৰাইও।









