প্ৰেমিকৰ সৈতে ৰাস চাবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে প্ৰেয়সীয়ে, উত্তপ্ত পৰিস্থিতি…

এক ৰহস্যজনক ঘটনা।

প্ৰেমিকৰ সৈতে ৰাস চাবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে প্ৰেয়সীয়ে।

এই ঘটনা সংঘটিত হৈছে আন্ধেৰীঘাটত।

জানিব পৰা অনুসৰি ১৮ নৱেম্বৰৰ নিশা প্ৰেমিকৰূপী উদণ্ড যুৱকৰ সৈতে খৈৰাবাৰীত ৰাস চাবলৈ গৈ উভতি অহা পথত বাইক দুৰ্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যু হয়।

তাক কেন্দ্ৰ কৰি দেওবাৰে আন্ধেৰীঘাটত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

শতাধিক লোকে আন্ধেৰীঘাটৰ সমীপৰ বামুনঝাৰৰ প্ৰেমিক ৰাহুল বড়োৰ ঘৰত উপস্থিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ইফালে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

আনহাতে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

জানিব পৰা অনুসৰি খৈৰাবাৰী থানা এলেকাৰ কাৱৈমাৰী গাঁৱৰ বিবাৰী বড়ো নামৰ যুৱতীগৰাকীক ১৮নৱেম্বৰৰ নিশা শোৱা পাটিৰ পৰা ৰাহুলে ফোনযোগে মাতি খৈৰাবাৰী ৰাস দেখুওৱাবলৈ বুলি লৈ যায়। নিশা ১২ বজাৰ পিছত উভতাৰ পথত আন্ধেৰীঘাটত সংঘটিত হয় পথ দুৰ্ঘটনা।

নিশাই বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত যুৱতীগৰাকীক ভৰ্তি কৰাই যদিও শনিবাৰে চিকিৎসাধীন অৱস্থাত যুৱতীগৰাকীৰ মৃত্যু হয়।

যুৱতীগৰাকীৰ মৃত্যুৰ পিছত চিকিৎসালয়ৰ পৰা ধনৰ অভাৱত মৃতদেহ আনিব নোৱাৰি স্থানীয় লোক আৰু যুৱতী গৰাকীৰ আত্মীয়সকল আহি বামুণঝাৰৰ ৰাহুল বড়োৰ ঘৰ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

আৰক্ষীৰ উপস্থিতিত দুয়োখন গাঁৱৰ নেতৃত্বই এক চুক্তি সম্পাদন কৰে। চুক্তি অনুসৰি নিহত যুৱতীৰ পৰিয়ালক আদ্যশ্রাদ্ধ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবদ দুই কিস্তিত ৪ লাখ টকা অভিযুক্তৰ পৰিয়ালে আদায় দিব লাগিব।