অতি শোকাৱহ! বালি কঢ়িওৱা টাটা মেজিকৰ চেপাত নিহত এটি কণমানি শিশু…

এক অতি শোকাৱহ ঘটনা।

বালি কঢ়িওৱা গাড়ীৰ চেপাত নিহত হয় এটি কণমানি শিশু।

কামপুৰৰ কচুৱাৰ লংজাপৰ মাজগাঁৱত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

কচুৱা লুটুমাৰীৰ খেৰণিত বালি কঢ়িওৱা গাড়ীৰ চেপাত নিহত হয় এটি কণমানি শিশু।

নিহত শিশুটিৰ নাম ৪বছৰীয়া ৰমজান আলি বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ছোবাহী মাদ্ৰাছাৰ পৰা ঘৰলৈ আহি থকা সময়ত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনা সংঘটিত কৰা টাটা মেজিকখনৰ নম্বৰ AS 02 CC 7152।

দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে গাড়ী চালকে।

ইতিমধ্যে কচুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা টাটা মেজিক বাহনখনো জব্দ কৰিছে।

কণমানি শিশুটিৰ কৰুণ মৃত্যুত এতিয়া সংমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ।