নিউজ ডেস্কঃ পহিলা ডিচেম্বৰতে নিজ গৃহত চৰম পথ বাচি লোৱা কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী অজন্তা বড়োৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
আৰক্ষীয়ে উদ্ধাৰ কৰা চুইচাইড নোটত ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ আৰ্থিক দীনতাৰ বাবেই মৃত্যুৰ পথ বাচি লোৱাৰ কথা উল্লেখ কৰিলেও এতিয়া সমগ্ৰ ঘটনাই লৈছে নতুন মোৰ।
উল্লেখ্য যে, যোৱা ১ ডিচেম্বৰত ঘৰত কোনো নথকা অৱস্থাত শোৱনী কোঠাৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰিছিল গোৰেশ্বৰৰ পদোপাৰা গাঁৱৰ নিৱাসী তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী অজন্তা বড়োৱে।
২১ বছৰীয়া ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ পিছতে আৰক্ষীয়ে তেওঁৰ শোৱনী কোঠাৰ পৰা উদ্ধাৰ কৰিছিল এখন ডায়েৰী। য’ত পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে।
কিন্তু ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী মেধাৱী ছাত্ৰীয়ে কেৱল পৰিয়ালৰ আৰ্থিক অভাৱৰ বাবেই আত্মহত্যা কৰিব নোৱাৰে বুলি সন্দেহ কৰি অজন্তাৰ মৃত্যুৰ গভীৰ তদন্ত আৰম্ভ কৰে।
ইয়াৰ পিছতে পোহৰলৈ আহে এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত গোৰেশ্বৰৰ গোপচাৰ গাঁৱৰ বাসিন্দা প্ৰকাশ বড়ো (২৮) নামৰ যুৱক এজনৰ সৈতে অজন্তাৰ থকা প্ৰেমৰ সম্পৰ্কৰ কথা।
আৰক্ষীয়ে যুৱকজনক আটক কৰি জেৰা চলোৱাত প্ৰকাশ বড়োৱেও অজন্তাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰে।
যাৰ বাবে অজন্তাক আত্মহত্যাৰ বাবে প্ৰেমিক প্ৰকাশে প্ৰৰোচিত কৰাৰো সন্দেহ ঘণীভূত হৈছে আৰক্ষীৰ মনত।
ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ বড়োক আদালতত হাজিৰ কৰোৱাত ৬ ডিচেম্বৰত আদালতে তেওঁক জে’ললৈ প্ৰেৰণ কৰিছে।
প্ৰণিধানযোগ্য যে, আত্মহত্যাৰ দৰে জীৱনৰ চৰম সিদ্ধান্ত বাচি লোৱা অজন্তা বড়ো আছিল এগৰাকী মেধাৱী ছাত্ৰী। মেট্ৰিক আৰু হায়াৰ ছেকণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত কটন বিশ্ববিদ্যালয়ত গণিত বিষয়ক মূল হিচাপে লৈ অধ্যয়ন কৰি আছিল অজন্তাই।
সমান্তৰালভাৱে ইউপিএছচিৰ বাবেও কোচিং কৰি আছিল অজন্তাই। শেহতীয়াকৈ অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত সফলতা অর্জন কৰা ছাত্ৰীগৰাকীয়ে কিয় আত্মহত্যা কৰিলে, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।









