অসমীয়াঅসম

প্ৰেমত পৰি বিলাসীপাৰাৰ বোৱাৰী হ’ল বাংলাদেশী যুৱতী, কিন্তু স্বামীগৃহৰ নিৰ্যাতন সহিব নোৱাৰি বিচাৰিলে মুখ্যমন্ত্ৰীৰ সহায়…

নিউজ ডেস্কঃ অসমৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ স্বামী আৰু স্বামী গৃহৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী বাংলাদেশী যুৱতীয়ে ন্যায় বিচাৰি কাতৰ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

এক সংবাদমেলযোগে নিজৰ সৈতে ঘটি থকা নিৰ্যাতনৰ কথা ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীৰ পৰা ন্যায় বিচাৰে বাংলাদেশৰ ঢাকাৰ শ্বাহ মামুদ আজমাইছৰ কন্যা তথা বৰ্তমান বিলাসীপাৰাৰ সাপটগ্ৰামৰ বোৱাৰী দিলোৱাৰা আজমাইছে।

উচ্চ শিক্ষিত যুৱতীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰা মতে, ২০০২ চনত বিলাসীপাৰাৰ সাপটগ্ৰাম চহৰৰ ২ নং ৱাৰ্ডৰ ফৰিদুল ইছলামৰ সৈতে তেওঁৰ পৰিচয় ঘটিছিল।

সেই পৰিচয় লাহে লাহে ভালপোৱাৰ ৰূপ লোৱাত পৰৱৰ্তী সময়ত দিলোৱাৰাই বাংলাদেশ এৰি অসমলৈ গুচি আহে আৰু ফৰিদুলৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

কিন্তু বিয়াৰ পিছত প্ৰায়ে স্বামী আৰু স্বামী গৃহৰ শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হ’বলৈ ধৰে দিলোৱাৰা। বিয়াৰ পিছত তেওঁ গৰ্ভৱতী হোৱাত, স্বামীগৃহই জোৰ কৰি তেওঁৰ গৰ্ভপাতো কৰোৱায়।

image 56

তদুপৰি, ৬০ লাখ টকাৰ যৌতুক দাবী কৰি ফৰিদুল আৰু তেওঁৰ মাতৃয়ে দিলোৱাৰাক নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন কৰে।

সমান্তৰালভাৱে মহিলাগৰাকীৰ অভিযোগ- স্থানীয় এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক আছে তেওঁৰ স্বামীৰ।

এনে পৰিস্থিতিত উপায়হীন হৈ দিলোৱাৰাই সাপটগ্ৰাম আৰক্ষীৰ কাষ চাপি স্বামী ফৰিদুল, শাহুৱেক ফৰিদা বেগম আৰু লালবানু বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

কিন্তু সাপতগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ কৰে দিলোৱাৰাই।

যাৰ বাবে মহিলাগৰাকীয়ে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনায়। লগতে ভাৰতত তিনি তালাক প্ৰথা বন্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো ধন্যবাদ জনায় দিলোৱাৰা আজমাইছে।