প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ৰেলীত অঘটন! পদপিষ্ট হৈ ৮ জনকৈ লোকৰ মৃত্যু…

অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ কান্দুকুৰত বুধবাৰে সংঘটিত হয় এক শোকাবহ ঘটনা৷

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰবাবু নাইডুৰ ভ্ৰমণৰ সময়ত সংঘটিত হয় অঘটন।

পদপিষ্ট হৈ মৃত্যু ৮ জনকৈ ব্যক্তিৰ। মৃতসকলৰ মাজত আছে দুগৰাকী মহিলাও।

জানিব পৰা মতে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কান্দুকুৰত এক ৰোড শ্ব’ আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছিল৷

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অনুষ্ঠান উপভোগ কৰিবলৈ উপস্থিত হৈছিল সহস্ৰাধিক লোক। সভাৰ লগত সংগতি ৰাখি উলিওৱা হৈছিল বিশেষ ৰোড শ্ব’। ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে। উক্ত সময়তে পদপিষ্ট হৈ মৃত্যু হয় 8 জনকৈ লোকৰ।

বুধবাৰে নিশা অনুষ্ঠিত ৰেলীত এই অঘটন।

চন্দ্ৰবাবু নাইডুৱে ঘটনাটোৰ পিছতে অনুষ্ঠানটো বাতিল কৰি মৃতকৰ আত্মীয়সকলক ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে।

ঘটনাত আহতসকলৰ বাবেও কৰা হয় উন্নত চিকিৎসাৰ ব্যৱস্থা।

উল্লেখ্য যে, নিহতসকলৰ সন্তানৰ শিক্ষাৰ দায়িত্ব ল’ব NTR ট্ৰাষ্টে।