প্ৰাক্তন বিধায়ক ক্ষীৰেণ বৰগয়াৰীৰ মৃত্যু

নিউজ ডেস্ক। অসম বিধানসভাৰ প্ৰাক্তন সদস্য তথা বড়োলেণ্ড আন্দোলনৰ এজন সক্ৰিয় কৰ্মী ক্ষীৰেণ বৰগৰায়ীৰ দেহাৱসান।

চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল প্ৰয়াত ক্ষীৰেণ বৰগয়াৰীৰ।

মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।

শনিবাৰে দিনৰ ১২.৩০ বজাত চিৰাং জিলাৰ টুক্ৰাঝাৰস্থিত নিজ বাসগৃহত প্ৰাক্তন বিধায়কগৰাকীয়ে শেষ নিস্বাস ত্যাগ কৰে।

জানিব পৰা মতে, বিগত কিছু দিনৰ পৰাই তেওঁ অসুস্থ হৈ আছিল।

উল্লেখ্য যে ১৯৯১ চনত নিৰ্দলীয় প্ৰৰ্থীৰূপে তেওঁ চিদলী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। এই নিৰ্বাচনত তেওঁ নিখিল বড়াে ছাত্ৰ সন্থা (এবছু)ৰ সমৰ্থিত প্ৰাৰ্থী আছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰসহ এগৰাকী কন্যা আৰু নাতি-নাতিনীক এৰি থৈ যায়।

প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত বড়ো জাতিৰ অপূৰণীয় ক্ষতি হোৱা বুলি মন্তব্য বিভিন্নজনৰ।

বিধায়ক নিৰ্বাচিত হোৱাৰ পূৰ্বে বৰগয়াৰীয়ে শিক্ষকতাও কৰিছিল।

লগতে চাওকঃ

টাইপাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৌচম গগৈৰ শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু

Leave a Comment