ৰাষ্ট্ৰীয়অসমীয়া

প্ৰাক্তন আইপিএছ বিষয়াৰ বিলাসী বাংলোৰ বেচমেণ্টত নগদ ধনৰ পাহাৰ!

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ নয়ডাৰ প্ৰাক্তন আইপিএছ বিষয়া ৰাম নাৰায়ণ সিঙৰ বিলাসী বাংলোত তিনিদিন ধৰি অব্যাহত আছে আয়কৰ বিভাগৰ অভিযান।

ইতিমধ্যে ঘৰৰ বেচমেণ্টৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰা হৈছে।

প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ বাসগৃহত উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ ধন আৰু সোন-ৰূপৰ গহনাই আচম্বিত কৰিছে অভিজানকাৰী দলকো।

incometaxraid

উল্লেখ্য যে, ৰাম নাৰায়ণ সিঙৰ ঘৰৰ বেচমেণ্টত থকা ৬০০ টা লকাৰত জমা কৰি ৰখা কেইবা কোটি টকা আয়কৰ বিভাগে উদ্ধাৰ কৰাৰ পিছত প্ৰাক্তন আৰক্ষী বিষয়া ৰাম নাৰায়ণ সিঙক সোধা-পোছা চলাই থকা হৈছে।

প্ৰাক্তন আইপিএছ বিষয়াগৰাকীৰ মতে, তেওঁৰ পুত্ৰই ঘৰৰ পৰাই এক ব্যৱসায় চলাই আহিছে আৰু উদ্ধাৰ হোৱা ধনখিনি সেই ব্যৱসায়ৰে জড়িত বুলিও তেওঁ দাবী কৰে।

noida-it-raid-1-sixteen-nine

তাৰ মাজতে বুধবাৰে ৰাম নাৰায়ণ সিঙৰ পুত্ৰ সুয়াশ সিঙৰ প্ৰেছ বিজ্ঞপ্তিৰ নামত লিখা এখন পত্ৰ ভাইৰেল হৈ পৰিছে। নীলা কলমেৰে লিখা পত্ৰখনত কোৱা হৈছে তেওঁলোকৰ ঘৰৰ বেচমেণ্টৰ পৰা এক পাৰিবাৰিক ব্যৱসায় চলাই অহা হৈছে।

সুয়াশ সিঙে পত্ৰত লিখা মতে, তেওঁলোকে এই ব্যৱসায়ৰ অংশ হিচাপে মানুহক লকাৰ ভাড়ালৈ প্ৰদান কৰে। এই ব্যৱসায়ৰ সৈতে সম্পৰ্কিত নথি-পত্ৰ সকলো তথ্য প্ৰযুক্তি বিষয়াক প্ৰদান কৰা বুলিও দাবী কৰে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ পুত্ৰই।

FKl-Jjkz-Vg-AMx-Gup

তেওঁ পত্ৰত লিখিছে, ‘আমাৰ বহুতো গ্ৰাহকে তথ্য প্ৰযুক্তি বিভাগক সমৰ্থন কৰিছে। গতিকে সংবাদ মাধ্যমৰ ব্যক্তিসকলে সঠিক তথ্যৰ বাবে তথ্য প্ৰযুক্তি বিভাগৰ প্ৰেছ বিজ্ঞপ্তিৰ বাবে অপেক্ষা কৰক।”

উল্লেখ্য যে, প্ৰাক্তন আইপিএছ বিষয়া ৰাম নাৰায়ণ সিঙৰ বাসগৃহৰ বেচমেণ্টৰ পৰা এতিয়ালৈকে মুঠ ৫.৭৭ কোটি টকা উদ্ধাৰ কৰা হৈছে। অৱশ্যে, খবৰ অনুসৰি লকাৰবোৰত নগদ ধন আৰু গহনা পোৱা গৈছে আৰু সেইবোৰত বহুতো অনিয়ম পৰিলক্ষিত হৈছে। যেনে- লকাৰ ভাৰাতীয়াসকলৰ কেৱাইচি নাই। বহুতো লকাৰৰ মালিক পোৱা হোৱা নাই।

noida-it-raid-3

আয়কৰ বিভাগৰ সূত্ৰ অনুসৰি, বাংলোটোৰ তলত নিৰ্মাণ কৰা লকাৰবোৰত ক’লা ধন জমা ৰখাৰ ইঙ্গিত পোৱা গৈছে। এই সন্দৰ্ভত আয়কৰ বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে।

লগতে চাওকঃ

গামোচা পিন্ধাই নিজৰ নিৰাপত্তাৰক্ষীক বিদায় জনালে বিধায়ক ৰূপজ্যােতি কুৰ্মীয়ে

g4

Leave a Reply

Your email address will not be published. Required fields are marked *