প্ৰসিদ্ধ অভিনেত্ৰী আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা…

প্ৰসিদ্ধ অভিনেত্ৰী আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ ২০২২ বৰ্ষত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে টুইটাৰযোগে এই কথা সদৰি কৰিছে।

উল্লেখ্য যে, ১৯৯২ চনত চলচ্চিত্ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

৬০ আৰু ৭০ ৰ দশকত আশা পাৰেখৰ নাম সেই সময়ৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ মাজত অন্যতম।