অসম

প্ৰসংগঃ বিহুৰ কাৰ্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা বিতৰ্ক, ক্ষমা খুজিলে মাৰোৱাৰী যুৱ মঞ্চই…

নিউজ ডেস্ক। অৱশেষত ক্ষমা খুজিলে মাৰোৱাৰী যুৱ মঞ্চই।

বিহুৰ কাৰ্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

ডিব্ৰুগড়ত বিহুৰ কাৰ্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা অন্তৰ্ভুক্ত কৰিছিল।

লুইতপৰীয়া বিহু সন্মিলনী নামেৰে মাৰোৱাৰী যুৱ মঞ্চই আয়োজন কৰিছিল এই অনুষ্ঠানৰ।

p 1

বিহুত এনেধৰণৰ কাৰ্যসূচী ৰখা কাৰ্যক বিৰোধীতা কৰিছিল বিভিন্ন দল সংগঠনে।

এনে বিতৰ্কৰ মাজতে পত্ৰযোগে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰে সংগঠনটোৱে।

No photo description available.

সংগঠনটোৱে কয়- আমাৰ দ্বাৰা অজানিতে হোৱা ভুলৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।

উল্লেখ্য যে, মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় শাখাই ১৬ আৰু ১৭ এপ্ৰিলত দুদিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছিল, য’ত তেওঁলোকে হনুমান জয়ন্তীৰ শোভাযাত্ৰাকো বিহুৰ কাৰ্যক্ৰমত চামিল কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *