প্ৰথম তিনি মাহৰ দৰমহাৰে কি কৰিব আজি নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে? পৰামৰ্শ মুখ্যমন্ত্ৰীৰ…

নিউজ ডেস্কঃ চাকৰিৰ পৰা লাভ কৰা প্ৰথম দৰমহাৰে কি কৰিব নৱ নিযুক্তি লাভ কৰা সকলে? খানাপাৰত ভাষণৰ মাজতে পৰামৰ্শ আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

photo1663921621
প্ৰথম তিনি মাহৰ দৰমহাৰে কি কৰিব আজি নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে? পৰামৰ্শ মুখ্যমন্ত্ৰীৰ… 4

শুকুৰবাৰে খানাপাৰাত ১১,২৩৬ গৰাকী সফল প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে তেওঁ মঞ্চৰ পৰা দিয়া ভাষণত নৱ নিযুক্তি লাভ কৰা প্ৰাৰ্থী সকলৰ প্ৰথম তিনি মাহৰ দৰমহা ক’ত খৰছ কৰিব, সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।

photo1663921580
প্ৰথম তিনি মাহৰ দৰমহাৰে কি কৰিব আজি নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে? পৰামৰ্শ মুখ্যমন্ত্ৰীৰ… 5

মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীসকলক প্ৰথম মাহৰ দৰমহাৰে পিতৃ-মাতৃৰ বাবে খৰছ কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰ পিছতে দ্বিতীয় মাহৰ দৰমহা গাঁৱৰ নামঘৰলৈ আগবঢ়াবলৈ আহ্বান জনায়। আনহাতে তৃতীয় মাহৰ দৰমহাৰে নিজে পঢ়া বিদ্যালয়খনলৈ সৰুকৈ হ’লেও কিবা এটা আগবঢ়াবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

photo1663921570
প্ৰথম তিনি মাহৰ দৰমহাৰে কি কৰিব আজি নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে? পৰামৰ্শ মুখ্যমন্ত্ৰীৰ… 6

নৱ নিযুক্ত সকলৰ এই প্ৰথম তিনিমাহৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ সংযোগ থাকিব বুলি মন্তব্য কৰে। আনহাতে চাকৰি লাভ কৰা কাৰোবাৰ পৰিয়ালৰ যদি কোনো ব্যক্তিয়ে আৰুণোদয় আঁচনিৰ ধন লাভ কৰে, তেন্তে সেয়া বন্ধ কৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, বিগত দিনত ২৭,৭৩৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ পিছত শুকুৰবাৰে পুনৰ ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীৰ এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে অসম চৰকাৰৰ ২৪টা বিভাগত এই নিযুক্তি প্ৰদান কৰা হয়।

আনহাতে শীঘ্ৰে ১০ হাজাৰ নতুন নিযুক্তি প্ৰদান কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।