এটা বিশেষ টুইটে সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা।
নিশা ২ বাজি ২৯ মিনিটত কৰা সেই বিশেষ টুইটে বহন কৰিছিল এক বিশেষ ইংগিত।
টুইটো কৰিছিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
নিশাই কৰা সেই টুইট আছিল- ‘প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে।- নিউটনৰ তৃতীয় সূত্ৰ।’
ইয়াৰ পিছতে প্ৰকাশ হৈছিল সেই বিশেষ খবৰ।
অনিমেষ বৰুৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ মৃত্যু হৈছে।
নিশা পুলিচৰ গাড়ীৰ পৰা জাপ মাৰি পলায়নৰ চেষ্টা কৰোঁতেই পুলিচৰ আন এখন গাড়ীয়ে খুন্দিয়াই ক’লা ল’ৰা ওৰফে নীৰজ দাস।
জানিব পৰা মতে, দুৰ্ঘটনাটোত প্ৰথমে আঘাতপ্ৰাপ্ত ক’লা ল’ৰাক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
পুৱাই এই খবৰ প্ৰকাশ হোৱাৰ লগে লগে সমগ্ৰ যোৰহাট বাসীৰ লগতে অসমৰ জনতাই সন্তুষ্টি প্ৰকাশ কৰিছে।
বহুতেই আৰক্ষীয়ে নীৰজক উচিত শাস্তি দিলে বুলি কৈ ধন্যবাদো জনাইছে। সেয়া যিয়েই নহওক, নিশা জি পি সিঙে যি ধৰণে টুইট কৰিলে সেই টুইট এতিয়া সকলোৰে চৰ্চাৰ কাৰণ হৈ পৰিছে।









