‘তাক মাৰিলে ভাল পাইছো, কিন্তু তাৰ মাকলৈও বেয়া লাগিছে’- অনিমেষৰ মাতৃ…

যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ মৃত্যু।

নিশা পুলিচৰ গাড়ীৰ পৰা জাপ মাৰি পলায়নৰ চেষ্টা কৰোঁতেই পুলিচৰ আন এখন গাড়ীয়ে খুন্দিয়াই কলা লৰা ওৰফে নীৰজ দাস।

যাৰ ফলত মৃত্যু হয় মূল অভিযুক্ত ক’লা ল’ৰাৰ।

জানিব পৰা মতে, দুৰ্ঘটনাটোত প্ৰথমে আঘাতপ্ৰাপ্ত ক’লা ল’ৰাক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

দুৰ্ঘটনাত আন তিনিজন আৰক্ষী বিষয়াও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

ইপিনে এই ঘটনাক লৈ অনিমেষৰ দুৰ্ভগীয়া মাতৃয়ে কৰিছে বিশেষ মন্তব্য।

তেওঁ কৈছে- ‘শুনিছো তাক মাৰিলে। তাক মাৰিলে ভালেই পাইছো। কিন্তু তাৰ মাকলৈও বেয়া লাগিছে।’

আনহাতে অনিমেষ বৰুৱাৰ পৰিয়ালৰ সদস্যই ক’লে আমি এতিয়া সকাহ পাইছো। এটা এটাকৈ বাকীসকলৰো শাস্তি হ’ব লাগে।

লগতে চাওকঃ

চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল এক বিশেষ পূজা !

Leave a Comment